নিউজ ডেস্ক, ১ জুন :সংসদ পদ খাৰিজৰ পিছত প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণলৈ গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi USA visit) । বৰ্তমান ৰাহুল গান্ধী আমেৰিকা ভ্ৰমণত আছে । তাত তেওঁ কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ত ভাষণ প্ৰদানৰ পিছত ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত ভাৰতীয় বংশোদ্ভৱসকলক সম্বোধন কৰে (Rahul at Stanford University) । তাত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে যেতিয়া তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁ ভবা নাছিল যে লোকসভাৰ পৰা তেওঁৰ অযোগ্যতা সম্ভৱ (Rahul Gandhi disqualified from parliament) ।
তেওঁ কয় যে এজন সাংসদ হিচাপে তেওঁ জনসাধাৰণৰ সেৱা কৰাৰ এক উত্তম সুযোগ লাভ কৰিছে । উল্লেখ্য, ৰাহুল গান্ধী বৰ্তমান তিনিদিনীয়া আমেৰিকা ভ্ৰমণসূচীত আছে । তেওঁৰ ভ্ৰমণৰ অংশ হিচাপে তেওঁ স্থানীয় সময় অনুসৰি বুধবাৰে নিশা ষ্টেনফোৰ্ড বিশ্ববিদ্যালয় চৌহদত উপস্থিত হয় । তাত তেওঁ ভাৰতীয় শিক্ষাৰ্থীসকলক সম্বোধন কৰে (Rahul addressed Indian original students in USA) ।
ৱায়ানাডৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত সংসদৰ সদস্য পদৰ পৰা তেওঁক বৰ্খাস্তৰ বিষয়ে উল্লেখ কৰে । চুৰাট আদালতে তেওঁক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছত ৰাহুল গান্ধীক চলিত বছৰৰ আৰম্ভণিতে লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰি তেওঁ কয় যে যেতিয়া তেওঁ ২০০০ চনত সক্ৰিয় ৰাজনীতিত যোগদান কৰিছিল, সেই সময়ত তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ এই পৰিস্থিতিৰ মাজেৰে যাবলগীয়া হ'ব ।
তেওঁ কয় যে এই সময়ত ভাৰতীয় ৰাজনীতিত যি ঘটি আছে সেয়া তেওঁৰ কল্পনাতীত । সংসদ ভ্ৰমণৰ কথা উল্লেখ কৰি ৫২ বছৰীয়া ৰাহুল গান্ধীয়ে কয় যে তেওঁ কল্পনাও কৰা নাছিল যে এনেধৰণৰ কিবা এটা সম্ভৱ । অৱশ্যে ৰাহুল গান্ধীয়ে কয় যে লোকসভাৰ পৰা তেওঁক অযোগ্য ঘোষণা কৰাটোৱে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে এক ডাঙৰ সুযোগ হৈ পৰিছে ।