অসম

assam

Australian Open 2023: অষ্ট্ৰেলিয়ান অ’পেনত অঘটন; মেচৰ আৰম্ভণিতে হেৰাল ৰাফেল নাডালৰ ৰেকেট

By

Published : Jan 16, 2023, 10:43 PM IST

অষ্ট্ৰেলিয়ান অ’পেন 2023ত ৰাফেল নাডালৰ প্ৰথমখন মেচতেই সৃষ্টি হ’ল এক হাহাকাৰ পৰিস্থিতিৰ ৷ যাৰবাবে কিছু সময়ৰ বাবে স্থগিত ৰাখিব লগা হয় মেচখন ৷ কাৰণ মেচৰ আৰম্ভণিতে হেৰাল ৰাফেল নাডালৰ ৰেকেট ৷

Australian Open 2023
অষ্ট্ৰেলিয়ান অ’পেনত অঘটন; মেচৰ আৰম্ভণিতে হেৰাল ৰাফেল নাডালৰ ৰেকেট

নিউজ ডেস্ক, 16 জানুৱাৰী: অষ্ট্ৰেলিয়ান অ’পেন 2023ৰ(Australian Open 2023 ) মেচত সংঘটিত হ’ল এক অভূতপূৰ্ব ঘটনা ৷ ডেফেণ্ডিং চেম্পিয়ন ৰাফেল নাডালৰ(Defending Champion Rafael Nadal) প্ৰথমখন মেচতেই হেৰাল তেখেতৰ ৰেকেট ৷ ফলত কিছু সময় পলম হ’ল মেচখনৰ আৰম্ভণি ৷

উল্লেখ্য যে, ডিফেণ্ডিং চেম্পিয়ন ৰাফেল নাডালে প্ৰতিদ্বন্দি জেক ড্ৰপাৰৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হৈছিল ৷ কিন্তু মেচ আৰম্ভ হোৱাৰ পূৰ্বে ৰাফেলে তেওঁৰ বেগৰ পৰা ৰেকেটখন উলিয়াবলৈ গৈ আচৰিত হৈ পৰে ৷ কিয়নো তেওঁ ৰখা স্থানত নাছিল ৰেকেটখন(Rafael Nadal lost his racquet) ৷ ৰেকেটখন ৰখা স্থানত নাপাই বল বয়ে তেওঁৰ ৰেকেটখন লৈ যোৱাৰ অভিযোগ কৰে নাডালে ৷

তেওঁ কয়, ‘বল বয়ে মোৰ ৰেকেটখন ল’লে’(The ballboy took my racquet") ৷ হেৰুৱা ৰেকেটখন আছিল ৰাফেলৰ আটাইতকৈ ভাল লগা ৰেকেট ৷ ৰেকেটখন বিচাৰি নাপায় তেওঁ মনত কিছু আঘাত পালেও অৱশ্যে সহজভাৱেই নিজক নিয়ন্ত্ৰণ কৰে ৷ লগতে মেচৰ বাবে কিছু পলম হোৱাত প্ৰতিদ্বন্দি জেক ড্ৰপাৰাক( Jack Draper) ক’লে ‘The ballboy took my racquet’ ৷ ইতিমধ্যেই সমাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৰাফেল নাডালৰ সেই বিশেষ মূহুৰ্তটো ৷

ভিডিঅ’ চাওক:

অষ্ট্ৰেলিয়ান অপেনৰ তৰফৰ পৰা টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ'টোত নাডালে অধৈৰ্য্য হৈ তেওঁৰ ৰেকেটখন বিচাৰি থকা দেখা গৈছে(Rafael Nadal racquet missing at Australian Open) । ভিডিঅ‘টোত তেওঁক কোৱা শুনা গৈছে "মোক মোৰ ৰেকেটখন ঘূৰাই লাগে" ৷ একে সময়তে কমেটেন্টৰজনেও ভিডিঅ‘টোত "ক’ৰবাত কিবা ভুল হৈছে" বুলি কোৱা শুনা গৈছে ।

ইয়াৰ পাছত নাডালে আন এটা ৰেকেট উলিয়াই তেওঁৰ প্ৰতিদ্বন্দিক খেলখন আৰম্ভ হোৱাত পলম হোৱাৰ কাৰণ বুজাবলৈ যোৱা দেখা যায় ৷ হেৰুৱা ৰেকেটখন নাডালৰ কিমান প্ৰিয়, সেয়া ভিডিঅ’টোত চালেই বুজিল পৰা যায় ৷

ইফালে মেচখনত কিছু পলম হলেও ৰাফেলে তেওঁৰ দ্বিতীয়খন ৰেকেট উলিয়াই জেক ড্ৰপাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হয় আৰু চাৰিটা চেটত ড্ৰপাৰৰ বিৰুদ্ধে জয়লাভ কৰি অষ্ট্ৰেলিয়ানৰ অ’পেনৰ খিতাপ দখল কৰে ৷ ৰাফেলে 7-5, 2-6, 6-4 আৰু 6-1 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ড্ৰাপাৰক ৷

উল্লেখ্য যে, সোমবাৰৰ এই মেচখন আছিল 2023বৰ্ষত ৰাফেলে জয়লাভ কৰা প্ৰথমখন মেচ ৷ স্মৰ্তব্য যে, 2022 বৰ্ষত ৰাফেলে অন্তিমটো চিজনত খেলা 7খন মেচৰ ভিতৰত 6খনতেই পৰাস্ত হৈছিল ৷

লগতে পঢ়ক:Covid 19 in China: তিনি মাহত চীনত ক’ভিডে প্ৰাণ ল’লে 60 হাজাৰ লোকৰ

ABOUT THE AUTHOR

...view details