অসম

assam

By

Published : Sep 9, 2022, 6:45 AM IST

Updated : Sep 9, 2022, 11:50 AM IST

ETV Bharat / international

বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ ইহলীলা সম্বৰণ

৯৬ বছৰ বয়সত মৃত্যু ৰাণী এলিজাবেথৰ(Queen Elizabeth II dies) ৷ ব্ৰিটেইনত 10 দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি জো বাইডেন, ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদ্ৰী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ ৷

Queen Elizabeth II
বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ ইহলীলা সম্বৰণ

ইন্টাৰনেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ :বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ই বৃহস্পতিবাৰে 96 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে(Queen Elizabeth II dies aged 96) ৷ বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসুস্থ হৈ আছিল ৰাণী এলিজাবেথ দ্বিতীয়(Queen Elizabeth death) ৷ বাকিংহাম পেলেচে নিশ্চিত কৰিছে ৰাণী এলিজাবেথ দ্বিতীয় মৃত্যুৰ তথ্য ৷ ইয়াৰ লগতে 10 দিনৰ ৰাষ্ট্ৰীয় শোকৰো ঘোষণা কৰে বাকিংহাম পেলেচৰ ৷

ৰাণী এলিজাবেথ দ্বিতীয়ই বৃটিছ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে ৰাজত্ব কৰা গৌৰৱ অৰ্জন কৰিছে(Longest serving monarch in British history) ৷ বাকিংহাম পেলেচে বৃহস্পতিবাৰে সন্ধিয়া 6.30 বজাত এক বিবৃতি প্ৰকাশ কৰি ৰাণীৰ মৃত্যুৰ কথা উল্লেখ কৰে ৷ ৰাণী এলিজাবেথ দ্বিতীয় এই সময়চোৱা চিকিৎসকৰ তত্বাৱধানত আছিল ৷ ইয়াৰ পাছত বিয়লি চিকিৎসকে তেওঁৰ মৃত্যুৰ কথা উল্লেখ কৰাৰ পাছতেই বাকিংহাম পেলেচে এই তথ্য প্ৰকাশ কৰে ৷

বিবৃতি অনুসৰি, ৰাণী এলিজাবেথ দ্বিতীয়ৰ স্কটিছ ইষ্টেট, বালম'ৰেল কেচেলত মৃত্যু হয় । বৃহস্পতিবাৰে নিশাটো তেওঁৰ নশ্বৰদেহ বালম'ৰেলত ৰখাৰ পাছত শুকুৰবাৰে তেওঁক লণ্ডনলৈ অনা হ’ব ৷ ৰাণীৰ নশ্বৰদেহ লণ্ডনলৈ ঘূৰাই অনাৰ পিছত প্ৰায় চাৰিদিন ৱেষ্টমিনষ্টাৰ হলত ৰখা হ’ব । ৱেষ্টমিনষ্টাৰ হলতে তেওঁক গুণমুদ্ধসকলে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব ৷

ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতেই বিশ্বজুৰি শোকৰ ছাঁ পৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি জো বাইডেন(US President Joe Biden) আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ আনহাতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদ্ৰী মুৰ্মু(President of India Droupadi Murmu) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও(PM Narendra Modi) এলিজাবেথ দ্বিতীয়ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:৮২ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীক ভিছা প্ৰদান কৰি আমেৰিকাৰ ৰেকৰ্ড

Last Updated : Sep 9, 2022, 11:50 AM IST

ABOUT THE AUTHOR

...view details