নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ :ভাৰতৰ প্ৰাক্তন নৌসেনা বিষয়াক প্ৰদান কৰা মৃত্যুদণ্ডৰ ৰায়ৰ বিৰুদ্ধে ভাৰত চৰকাৰে দাখিল কৰা আবেদন গ্ৰহণ কৰিছে কাটাৰ আদালতে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আদালতে আবেদনখন অধ্যয়ন কৰি আছে । এই সন্দৰ্ভত পৰৱৰ্তী শুনানি শীঘ্ৰে হ'ব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে শেহতীয়াকৈ ভাৰতৰ ৮ গৰাকী প্ৰাক্তন নৌসেনা বিষয়াৰ বিৰুদ্ধে কাটাৰত মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছিল । ইজৰাইলৰ বাবে চোৰাংচোৱা কৰাৰ অভিযোগত প্ৰাক্তন বিষয়াগৰাকীৰ বিৰুদ্ধে আদালতে এই ৰায় প্ৰদান কৰিছিল । লগে লগে এই বিষয়টোৱে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । প্ৰাক্তন নৌসেনা কেইগৰাকীৰ পৰিয়ালে এই ক্ষেত্ৰত চৰকাৰৰ সহযোগিতাৰ অনুৰোধ জনাইছিল । তাৰ পাছতে আদালতৰ ৰায়ৰ বিৰুদ্ধে ভাৰত চৰকাৰে আদালতত আবেদন জনাইছিল ।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে কয় যে এই সিদ্ধান্তটো এক গোপনীয় বিষয় । প্ৰাথমিকভাৱে আদালতে যি ৰায় দিছে সেয়া আইনী দলৰ সৈতে শ্বেয়াৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে । মন্ত্ৰালয়ৰ মতে সকলো আইনী বিকল্প বিবেচনা কৰি আবেদন দাখিল কৰা হৈছে । আনহাতে বিভাগে কাটাৰ প্ৰশাসনৰ সৈতে যোগাযোগত আছে বুলিও উল্লেখ কৰা হৈছে ।