নিউজ ডেস্ক, 9 অক্টোবৰ:শনিবাৰে সন্ধিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে (Russian President Vladimir Putin) কেৰ্চ দলং সন্দৰ্ভত ক্ৰিমিয়া আৰু ৰাছিয়াৰ মাজত শক্তিৰ আন্তঃগাঁথনিৰ নিৰাপত্তা কঠোৰ কৰাৰ বাবে এক নিৰ্দেশনাত স্বাক্ষৰ কৰে (Putin tightens infrastructure security)। ক্ৰেমলিনৰ এক বিবৃতিত কোৱা হৈছে যে, এই প্ৰচেষ্টাৰ দায়িত্বত ৰাছিয়াৰ ফেডাৰেল নিৰাপত্তা সেৱা এফ এছ বিক নিযুক্তি দিয়া হৈছে ।
শনিবাৰে সংঘটিত হোৱা এক বিস্ফোৰণৰ ফলত ক্ৰিমিয়ান উপদ্বীপক ৰাছিয়াৰ সৈতে সংযোগ কৰা দলংখনৰ এটা অংশ ভাগি যোৱাৰ ফলত ক্ৰেমলিনৰ যুদ্ধ প্ৰচেষ্টাৰ বাবে এটা গুৰুত্বপূৰ্ণ সংযোগ প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত হয় ৷ তাৰ পিছতে পুটিনে এই পদক্ষেপ গ্ৰহণ কৰিছে (Energy infrastructure between Crimea and Russia) ।