ইণ্টাৰনেচনেল ডেস্ক, ১০ মে' :পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে পাকিস্তান (violence in pakistan for Imran Khan arrest) । লগতে ব্যাপক হিংসাত্মক ঘটনাৰ দিশে আগবাঢ়িছে দেশখন । বুধবাৰে তেওঁৰ দলৰ নেতাসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দেশজুৰি ধৰ্মঘট ঘোষণা কৰিছে (PTI announced countrywide strike in Pakistan) ।
প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা ৭০ বছৰীয়া ইমৰাণ খানক মঙলবাৰে ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোৰ (National Accountability Bureau, NAB) নিৰ্দেশত ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ এটা কোঠাত প্ৰৱেশ কৰি অৰ্ধসামৰিক ৰেঞ্জাৰসকলে হঠাতে নিজৰ জিম্মাত লয় । সেই সময়ত তেওঁ দুৰ্নীতিৰ গোচৰৰ শুনানিত অংশগ্ৰহণ কৰিবলৈ ইছলামাবাদ উচ্চ ন্যায়ালয়ত উপস্থিত হৈছিল (Imran Khan arrested from Islamabad HC) ।
পিছত আদালতে ৰায় দিয়ে যে পাকিস্তান তেহৰিক-ই-ইনচাফ (Pakistan Tehreek-e-Insaf, PTI) দলৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰাটো সম্পূৰ্ণ আইনগত আছিল । কিন্তু যিধৰণে সেয়া কৰা হৈছিল সেইটো অবৈধ আছিল আৰু ইছলামাবাদ আৰক্ষীৰ মুৰব্বী আৰু আভ্যন্তৰীণ সচিবৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িবলৈ সিদ্ধান্ত লৈছে । আনহাতে, পিটিআই নেতৃত্বই দলটোৰ অধ্যক্ষ খানক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আৰু বুধবাৰে দেশজুৰি ধৰ্মঘট ঘোষণা কৰে । ডন বাতৰিকাকতৰ বাতৰি অনুসৰি, তেওঁলোকে সমৰ্থকসকলক 'বৰ্ধিত ফেচিবাদ'ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ দেশবাসীক আহ্বান জনায় ।
উল্লেখ্য যে ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ বাতৰি ভাইৰেল হোৱাৰ লগে লগে দেশখনত প্ৰতিবাদ আৰম্ভ হয় । তেওঁৰ সমৰ্থকসকলে পাকিস্তানী সেনাৰ সাধাৰণ মুখ্য কাৰ্যালয়কে ধৰি নিৰাপত্তা প্ৰতিষ্ঠানক লক্ষ্য কৰি লাঠি লৈ সজ্জিত হৈ অৱস্থান কৰে । লগতে পঞ্জাব, বেলুচিস্তান আৰু খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ মুখ্য স্থানসমূহত সমাবেশক অবৈধ ঘোষণা কৰি জাৰি কৰা ১৪৪ ধাৰাকো আওকাণ কৰে ।