নিউজ ডেস্ক, 6 ডিচেম্বৰ: ৰাইজৰ প্ৰতিবাদত জ্বলিছে গ্ৰীচৰ দ্বিতীয় বৃহত্তম চহৰ থেছালোনিকি (Angry protests in Greek city) ৷ উল্লেখ্য যে, থেছালোনিকিত এগৰাকী ৰোমা কিশোৰৰ ওপৰত সোমাবাৰে আৰক্ষীয়ে গুলীচালন কৰাৰ পিছতে চহৰখনত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতি (Violent in Greece second largest city) ৷ এই ঘটনাৰ বিৰোধিতাৰে জনতাই সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ ৷ ইয়াৰ পৰিপ্ৰেক্ষিটত অচল হৈ পৰিছে চহৰখন ৷
ঘটনা অনুসৰি সোমবাৰে পুৱাৰ ভাগত এজন ১৬ বছৰীয়া কিশোৰে বাহনত পেট্ৰ’ল পাম্পত ইন্ধন ভৰাই পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে গুলীচলনা কৰে (Boy tried to run away) ৷ ফলত কিশোৰজনে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Boy shot in head) ৷
আৰক্ষীয়ে সদৰি কৰা তথ্য অনুসৰি কিশোৰজনক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰাৰ সময়তে তেওঁ ট্ৰাকেৰে খুন্দিয়াই কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতি সাধন কৰিছিল ৷ ফলত গুলীচালনা কৰিবলৈ বাধ্য হ’ল আৰক্ষী ৷ ইয়াৰ পিছতেই গুলীবিদ্ধ কিশোৰজনক আৰক্ষীয়ে লৈ যায় চিকিৎসালয়লৈ ৷
এই ঘটনাক কেন্দ্ৰ কৰিয়েই চহৰখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ কিশোৰজন চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ বাহিৰত শ শ লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰতিবাদী জনতাই ক্ষতিসাধন কৰাৰ লগতে আৰক্ষীলৈ নিক্ষেপ কৰে শিলগুটি আৰু পেট্ৰ’ল বোমা ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদী জনতালৈ নিক্ষেপ কৰে কন্দুৱা গেছ ৷