ইণ্টাৰনেচনেল ডেস্ক, ১১ মে' :পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰৰ পিছৰে পৰা উত্তপ্ত হৈ আছে পাকিস্তানৰ পৰিস্থিতি (Imran Khan arrested) । তাৰ মাজতে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক এঘণ্টাৰ ভিতৰতে আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে । পাক সংবাদ-পত্ৰ ডনৰ সূত্ৰত এই কথা প্ৰকাশ । পাকিস্তানৰ মুখ্য ন্যায়াধীশ (Pakistan Chief Justice) ওমৰ আতা বান্দিয়ালে এই সন্দৰ্ভত কয়, "বৃহস্পতিবাৰে এটা ৰায় জাৰি কৰা হ'ব (CJP orderd to produce Imran Khan in SC) ।"
উল্লেখ্য, ইমৰাণ খানক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় । যাৰ ফলত সমগ্ৰ দেশখনতে হিংসাত্মক প্ৰতিবাদ আৰম্ভ হয় (protest against Imran Khan arrest) । পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বান্দিয়ালে দেশৰ ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোক (এনএবি) বৃহস্পতিবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) মুৰব্বীক হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে । ডনৰ বাতৰি অনুসৰি, চিজেপি বান্দিয়াল, ন্যায়াধীশ মহম্মদ আলী মাজহাৰ আৰু ন্যায়াধীশ আথাৰ মিনাল্লাহক লৈ গঠিত তিনিজনীয়া বিচাৰপীঠে আল-কাদিৰ ট্ৰাষ্ট গোচৰত গ্ৰেপ্তাৰ হোৱাৰ বিৰুদ্ধে খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰে ।