অসম

assam

ETV Bharat / international

Pro Khalistani Supporters Attack Journalist : ৱাশ্বিংটনত ভাৰতীয় সাংবাদিকক আক্ৰমণ খালিস্তানী সমৰ্থকৰ - Amritpal Singh row in Washington

ৱাশ্বিংটনৰ ভাৰতীয় দূতাবাসৰ বাহিৰত ভাৰতীয় সাংবাদিকক আক্ৰমণ খালিস্তানী সমৰ্থকৰ । ৱাশ্বিংটনস্থিত ভাৰতীয় সাংবাদিক ললিত ঝাক লাঠিৰে আক্ৰমণ । আমেৰিকাৰ ছিক্ৰেট ছাৰ্ভিচৰ সুৰক্ষা প্ৰদান (Indian journalist attacked by pro Khalistani)

Indian journalist attacked by pro Khalistani
Pro Khalistani Supporters Attack

By

Published : Mar 26, 2023, 8:51 AM IST

নিউজ ডেস্ক, ২৬ মাৰ্চ :ৱাশ্বিংটনস্থিত ভাৰতীয় সাংবাদিক ললিত ঝাক শনিবাৰে আবেলি ভাৰতীয় দূতাবাসৰ বাহিৰত খালিস্তানপন্থী প্ৰতিবাদৰ বাতৰি পৰিবেশন কৰি থকা অৱস্থাতে খালিস্তানী সমৰ্থকসকলে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে মৌখিক উৎপীড়ন চলায় (Pro Khalistani supporters attacked Indian Journalist) । আনহাতে, তেওঁক সুৰক্ষা দিয়াৰ বাবে আৰু তেওঁক তেওঁৰ কাম কৰাত সহায় কৰাৰ বাবে ঝায়ে দেওবাৰে ইউএছ ছিক্ৰেট ছাৰ্ভিচক ধন্যবাদ জনায় । ঘটনা সন্দৰ্ভত তেওঁ কয় যে, খালিস্তানী সমৰ্থকসকলে তেওঁক দুডাল লাঠিৰে তেওঁৰ বাওঁ কাণত আঘাত কৰে । তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত খালিস্তানী সমৰ্থকৰ এটা ভিডিঅ'ও শ্বেয়াৰ কৰে (Indian journalist attacked by pro khalistani in Washington) ।

"মোক আজি কৰ্তব্য পালনত সুৰক্ষা দিয়াৰ বাবে ধন্যবাদ @SecretService, অন্যথা মই চিকিৎসালয়ৰ পৰা এইটো লিখি থাকিলোঁহেঁতেন । তলৰ ভদ্ৰলোকজনে এই দুডাল লাঠিৰে মোৰ বাঁও কাণত আঘাত কৰে । তাৰ আগতেই মই মই 9/11-ত ফোন কৰিবলগা হৈছিল আৰু শাৰীৰিক আক্ৰমণ চলাব বুলি ভয় খাই 2 খন আৰক্ষীৰ বাহন সুৰক্ষা দিবৰ বাবে ততাতৈয়াকৈ লৈ গৈছিল ।" ঝায়ে দেওবাৰে টুইটত এনেদৰে কয় (pro khalistani protest at Indian Embassy in Washington) ।

"এটা সময়ত মই ইমানে ভাবুকি অনুভৱ কৰিছিলোঁ যে, মই ৯১১ নম্বৰত ফোন কৰিবলগা হয় । মই ছিক্ৰেট ছাৰ্ভিচৰ বিষয়াসকলক দেখা পোৱাৰ পিচত ঘটনাটো সন্দৰ্ভত তেওঁলোকক বৰ্ণনা কৰো (American Secret Services) ।" ঝায়ে এএনআইৰ আগত কয় । তেওঁ লগতে কয় যে, প্ৰতিবাদকাৰীসকলে পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণলৈ নিছিল । অৱশ্যে সাংবাদিকজনে তেওঁক প্ৰশ্ন কৰাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় ।

"অমৃতপালৰ সমৰ্থনত খালিস্তানপন্থী প্ৰতিবাদকাৰীসকলে খালিস্তানৰ পতাকা উৰুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিক্ৰেট ছাৰ্ভিচৰ উপস্থিতিত দূতাবাসলৈ ওলাই আহে (Amritpal Singh row in Washington) । তেওঁলোকে আনকি মুকলিকৈ দূতাবাস ভাঙি চূড়মাৰ কৰাৰ ভাবুকি দিয়ে আৰু ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সন্ধুক ভাবুকি দিয়ে ।" ঝায়ে এএনআইৰ আগত কয় ।

সাংবাদিক গৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, খালিস্তানপন্থী শ্লোগান দিয়া প্ৰতিবাদকাৰীসকলৰ ভিতৰত সকলো বয়সৰ পাগুৰি পিন্ধা লোক আছিল । তেওঁলোক ডিচি-মেৰিলেণ্ড-ভাৰ্জিনিয়া (ডিএমভি) অঞ্চলৰ বিভিন্ন অংশৰ পৰা আহিছিল । প্ৰতিবাদকাৰীসকলে ইংৰাজী আৰু পাঞ্জাবী দুয়োটা ভাষাতে ভাৰতবিৰোধী ভাষণ দিবলৈ মাইক ব্যৱহাৰ কৰিছিল আৰু মানৱ অধিকাৰ উলংঘনৰ অভিযোগত পঞ্জাব আৰক্ষীক লক্ষ্য কৰি লৈছিল । ়

উল্লেখ্য যে, খালিস্তানী সমৰ্থকসকলৰ দ্বাৰা এনে ধৰণৰ প্ৰতিবাদৰ একাধিক অনুষ্ঠান ভাৰতীয় দূতাবাস আৰু ছানফ্ৰাঞ্চিস্কো কনছুলেটৰ বাহিৰত ৰূপায়ণ কৰা হয় । চলিত সপ্তাহৰ আৰম্ভণিতে, ২০ মাৰ্চত ছানফ্ৰান্সিস্কোৰ ভাৰতীয় কনছুলেটকো প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে ।

লগতে পঢ়ক :India Iraq NSA Meet : প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিত সন্মত ভাৰত আৰু ইৰাক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details