ইন্টাৰনেছনেল ডেস্ক, 5 নৱেম্বৰ: ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ(UK PM Rishi Sunak) মূল সমিতিত অন্তৰ্ভূক্ত হৈছে ভাৰতীয় বংশোদ্ভৱ প্ৰজ্জ্বল পাণ্ডে ৷ প্ৰজ্জ্বল মূলতঃ বিহাৰৰ চিৱান জিলাৰ জিৰাদেই ব্লকৰ বাসিন্দা, যি হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মস্থান(Indian-origin boy Prajwal Pandey) । প্ৰজ্জ্বল ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ মূল সমিতিত অন্তৰ্ভুক্ত(Prajwal Pandey in core committee of UK PM ) হোৱাত তেওঁৰ গৃহভূমিৰ লগতে সমগ্ৰ দেশ গৌৰৱান্বিত । প্ৰজ্জ্বলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল আৰু এতিয়া তেওঁৰ মূল সমিতিৰ সদস্য ।
প্ৰজ্জ্বলৰ পিতৃ ৰাজেশ পাণ্ডে ব্ৰিটেইনৰ প্ৰতিৰক্ষা কোম্পানীৰ এজন ছফ্টৱেৰ অভিযন্তা । তেওঁৰ ককাদেউতা বাগীশ দত্ত পাণ্ডে পৰিয়ালৰ সৈতে সিন্দ্ৰিত বাস কৰে । বাংগালুৰুত জন্মগ্ৰহণ কৰা প্ৰজ্জ্বলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ পূৰ্বে কনজাৰ্ভেটিভ পাৰ্টিৰ মূল প্ৰচাৰ সমিতিৰ বাবে অনলাইন আবেদন কৰিছিল(Prajwal Pandey is a member of Conservative Party) । তেওঁ 2019 চনত চেমচফৰ্ড যুৱ ৰণনীতি গোটৰ উপাধ্যক্ষ আৰু 2020 চনত এচেক্স জলবায়ু কাৰ্য আয়োগৰ সহ-অধ্যক্ষ নিৰ্বাচিত হৈছিল ।