নিউজ ডেস্ক, 11 জানুৱাৰী: পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলোক বহিষ্কাৰ কৰাৰ পৰিপ্ৰেক্ষিতত হোৱা প্ৰতিবাদত মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি পাইছে (Peru political crisis Death toll) ৷ তাৰ পাচতেই পেৰুৰ পুনো অঞ্চলত প্ৰতিবাদকাৰীসকলে টহলৰ দায়িত্বত থকা এজন আৰক্ষী বিষয়াক আক্ৰমণ কৰি জ্বলাই হত্যা কৰে বুলি কৰ্তৃপক্ষই মঙলবাৰে জনায় । আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, ২৯ বছৰীয়া জছে লুইচ চংকো কুইস্পেয়ে সোমবাৰে নিশা বলিভিয়া আৰু টিটিকাকা হ্ৰদৰ সীমান্তৰ ওচৰৰ চহৰ জুলিয়াকাত এজন সহকৰ্মী বিষয়াৰ সৈতে টহল দি আছিল ৷ তেতিয়াই তেওঁলোকক উন্মত্ত জনতাৰ এটা দলে আক্ৰমণ কৰে ৷ প্ৰতিবাদকাৰী দলটো ইমানেই উগ্ৰ হৈ পৰিল যে, আৰক্ষীৰ বাহনত তেওঁলোকে অগ্নিসংযোগ কৰে ৷ ফলত অগ্নিদগ্ধ হৈ মৃত্যু ঘটে জছে লুইচৰ (Policeman burnt to death in Peru) ৷
প্ৰতিবেদন অনুসৰি, টহলদাৰী আৰক্ষীৰ গাড়ীখনত চংকোৰ সৈতে থকা ৰোনাল্ড ভিলাচাণ্টে টকে কয় যে, প্ৰায় ৩৫০ জন প্ৰতিবাদকাৰীয়ে আগুৰি ধৰি তেওঁলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল । মাৰপিট কৰাৰ পিছত মূৰত অধিক আঘাত পোৱাৰ ভিলাচাণ্টেক লিমাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । ভিলাচাণ্টে কয় যে, তেওঁৰ লগৰীয়াজনৰ সৈতে কি ঘটিছে তাৰ বিষয়ে তেওঁ অজ্ঞাত আছিল (Anti government unrest in Peru) ।
প্ৰধানমন্ত্ৰী এলবাৰ্টো অ’টাৰোলাই কংগ্ৰেছৰ(সংসদ) এক অধিৱেশনত চংকোৰ মৃত্যু নিশ্চিত কৰি কয় যে, প্ৰতিবাদকাৰীসকলে লোকসকলক আক্ৰমণ কৰিছিল । তেওঁ কয়, ‘‘আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল আৰু দেখিছিল যে এজন বিষয়াক মাৰপিট কৰা হৈছিল আৰু বান্ধি ৰখা হৈছিল ৷ আনজন লুইচ চংকো কুইস্পেয়ে দুৰ্ভাগ্যবশতঃ মৃত্যুবৰণ কৰিছিল । তেওঁক তেওঁৰ টহলদাৰী গাড়ীখনৰ সৈতে জীৱিত অৱস্থাতে জ্বলাই দিয়া হৈছিল’’ (Peru political crisis) ৷
অ’টাৰোলাই নিশা ৮ বজাৰ পৰা পুৱা 4 বজালৈ পুনোত তিনিদিনীয়া কাৰ্ফিউ ঘোষণা কৰে । নিহত সকলৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰৰ দিনটোত শোক দিৱস পালনৰ বাবে আহ্বান জনায় । পেৰুৰ ন্যায়াধীশৰ কাৰ্যালয়ে জনোৱা মতে, কাষ্টিলোক পদৰ পৰা বৰ্খাস্ত কৰাৰ পিছত ডিচেম্বৰৰ আৰম্ভণিতে প্ৰতিবাদ আৰম্ভ হোৱাৰ পৰা আৰক্ষীৰ সৈতে সংঘৰ্ষত ৩৯ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে ৷ যান-বাহন দুৰ্ঘটনাত আন সাতজনৰ মৃত্যু হোৱাৰ লগতে কালি আৰক্ষী বিষয়াজনৰ মৃত্যু হৈছে (Pedro Castillo arrested) ।