ইণ্টাৰনেশ্যনেল ডেস্ক, 7 অক্টোবৰ:লছ ভেগাছত অঘটন ৷ এগৰাকী শ্বেফৰ সৈতে শ্ব’গাৰ্লে ফটো উঠিবলৈ অমান্তি হোৱাৰ বাবে চুৰিৰে উপৰ্যুপৰি হানি-খুছি দুগৰাকীক হত্যা কৰাৰ লগতে আক্ৰমণত 6 গৰাকী যুৱতী আহত হয় (Man killed two people and wounded six)৷
ঘটনা অনুসৰি বৃহস্পতিবাৰে লছ ভেগাছৰ ষ্ট্ৰিপৰ সমীপতে এগৰাকী শ্বেফে তেওঁৰ হোটেললৈ অহা শ্ব’গাৰ্লৰ এটি গ্ৰুপৰ সৈতে ফটো উঠিবলৈ বিচাৰিছিল ৷ লোকজনে হাতত এখন ছুৰী লৈ তেওঁলোকৰ লগত প’জ দিবলৈ বিচাৰিছিল ৷ কিন্তু শ্বেফজনৰ লগত ফটো উঠিবলৈ অমান্তি হ’ল শ্ব’গাৰ্লৰ দলটো ৷
লগে লগে খঙত অগ্নশৰ্মা হৈ শ্বেফজনে যুৱতীকেইগৰাকীক হাতত থকা ছুৰীখনেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে (Man stabbing street performers)৷ এই ঘটনাত থিতাতে দুগৰাকী যুৱতী নিহত হয় আনহাতে 6 গৰাকী গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পিছতেই সেই ঠাইৰেই এগৰাকী মহিলা পাৰ হৈ যোৱাৰ সময়তে তেওঁ প্ৰথমে শ্ব’গাৰ্লকেইগৰাকীৰ চিঞৰ শুনিছিল ৷