ইন্টাৰনেশ্যনেল ডেস্ক, 3 জানুৱাৰী :মঙলবাৰেজাপানৰ টকিঅ’ৰ হানেদা বিমানবন্দৰত জাপান এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা বিশ্বজুৰি চৰ্চিত হৈছে ৷ এই ঘটনাত বৰ্তমানলৈকে 5 জনকৈ লোক নিহত হৈছে বুলি জানিবলৈ দিছে জাপানৰ পৰিবহন মন্ত্ৰী টেটছুও ছাইটোৱে ৷
মন্ত্ৰীগৰাকীয়ে কয় যে, মঙলবাৰে টকিঅ'ৰ হানেদা বিমানবন্দৰৰ ৰানৱেত এখন যাত্ৰীবাহী বিমান আৰু জাপানৰ উপকূলৰক্ষী বাহিনীৰ বিমানৰ মাজত সংঘৰ্ষ হয় ৷ এই সংৰ্ঘষৰ পাচত জুয়ে আগুৰি ধৰে দুয়োখন বিমানতে ৷ ফলত উপকূলৰক্ষী বাহিনীৰ এয়াৰবাছ এ 350 বিমানখনত থকা পাঁচজন লোকৰ মৃত্যু হৈছে । কিন্তু জাপান এয়াৰলাইনছৰ বিমান জে এ এল 516ত থকা 379 জন যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হৈছে ৷
মন্ত্ৰী ছাইটোৱে কয়, ‘‘ঘটনাৰ পাচতে উপকূলৰক্ষী বাহিনীৰ বোম্বাৰ্ডিয়াৰ ডেছ 8 বিমানখনৰ পাইলটজন পলায়ন কৰিছে ৷ বিমানখনৰ পাঁচজন ক্ৰু সদস্যৰ মৃত্যু হৈছে ৷’’ উল্লেখ্য যে, বিমানখন সোমবাৰে হোৱা ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চললৈ সাহায্য প্ৰদান কৰিবলৈ উৰা মাৰিবলৈ প্ৰস্তুতি চলাই আছিল ৷