ইণ্টাৰনেচনেল ডেস্ক, 28 নৱেম্বৰ :ৱাশ্বিংটন পোষ্টে (Washington Post) স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি কয় যে দেওবাৰে নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড ৰাজ্যৰ মণ্টগোমাৰী কাউণ্টিৰ বিদ্যুতৰ তাঁৰত লাগি এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । তাৰ পিছতে সৃষ্টি হয় ব্যাপক বিদ্যুৎ বিভ্ৰাট (plane crashed into power lines of Montgomery US) ।
উক্ত বিমান দুৰ্ঘটনাৰ ফলত অঞ্চলটোত বিদ্যুত সৰবৰাহ কৰ্তন কৰা হয় (plane crash resulted electricity cut off in USA) । যাৰ ফলত সমগ্ৰ মণ্টগোমাৰী কাউণ্টিত 90,000 ৰো অধিক ঘৰ আৰু ব্যৱসায় প্ৰভাৱিত হয় । বিদ্যুত বিভ্ৰাটৰ সন্মুখীন হোৱা এই সংখ্যা কাউণ্টীখনৰ এক চতুৰ্থাংশৰ সমান । অৱশ্যে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা হৈছে ।
"এখন সৰু বিমান ৰথবাৰীৰ ড৹ এণ্ড গোশেন ৰোড এলেকাত বিদ্যুতৰ তাঁৰত লাগি দুৰ্ঘটনাগ্ৰস্ত হৈছে (small plane crashed into power lines) । যাৰ ফলত কাউণ্টিৰ কিছু অংশৰ পৰা বিদ্যুৎ কৰ্তন কৰা হৈছে । MCFRS-এ উক্ত ঘটনাৰ নিৰীক্ষণ কৰি আছে । অনুগ্ৰহ কৰি অঞ্চলটো পৰিহাৰ কৰক, কিয়নো এতিয়াও তাত বিদ্যুৎ পৰিবাহী তাঁৰ আছে ।"