অসম

assam

ETV Bharat / international

Israeli attacks on Lebanon : লেবাননত ইজৰাইলী আক্ৰমণত নিহত ৰয়টাৰৰ ফটো সাংবাদিক; আহত ৬

৭ অক্টোবৰৰ পুৱা হামাছে ইজৰাইলী চহৰসমূহত কৰা আকস্মিক আক্ৰমণৰ সমৰ্থনত ৮ অক্টোবৰত হিজবুল্লাই শ্বেবা ফাৰ্মছৰ সামৰিক স্থানসমূহৰ ফালে বহু মিছাইল নিক্ষেপ কৰাৰ পিছত লেবানন-ইজৰাইল সীমান্তত উত্তেজনা বৃদ্ধি পাইছিল ।

লেবাননত ইজৰাইলী আক্ৰমণত নিহত ৰয়টাৰৰ ফটো সাংবাদিক
Israeli attacks on Lebanon

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 10:31 AM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৪ অক্টোবৰ :আশংকা কৰা মতেই এতিয়া ইজৰাইল-পেলেষ্টাইন যুদ্ধই লেবাননতো প্ৰভাৱ পেলাইছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইজৰাইলী সেনীই লেবাননৰ ওপৰতো আক্ৰমণ চলাইছে । আনহাতে, লেবাননৰ দক্ষিণৰ গাঁও আলমা আল-ছাবত ইজৰাইলী আক্ৰমণৰ ফলত এজন লেবাননৰ ফটোগ্ৰাফাৰ নিহত হোৱাৰ লগতে আন ছয়জন সাংবাদিক আহত হয় ।

ইজৰাইলী বাহিনীয়ে সাংবাদিকৰ এখন বাহনত চলোৱা আক্ৰমণত ৰয়টাৰৰ লেবাননৰ ফটোগ্ৰাফাৰ ইছাম আব্দাল্লাহ নিহত হয় । আনহাতে, আন্তৰ্জাতিক সংস্থাসমূহৰ বাবে কাম কৰা আন ছয়জন সাংবাদিকক আহত হৈছে । ইয়াৰ ভিতৰত আছে এজেঞ্চি ফ্ৰান্স-প্ৰেছে (এএফপি) আৰু আল-জাজিৰা টিভি চেনেল । শুকুৰবাৰে এই কথা প্ৰকাশ পাইছে ।

ছিনহুৱা সংবাদ সংস্থাৰ প্ৰতিবেদনৰ উদ্ধৃতি অনুসৰি, আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । লেবাননৰ মন্ত্ৰী পৰিষদে প্ৰকাশ কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰী নাজিব মিকাতিয়ে লেবাননৰ ওপৰত হোৱা আক্ৰমণত 'সাংবাদিকসকলক পোনপটীয়াকৈ লক্ষ্য কৰি' লোৱাৰ বাবে ইজৰাইলক গৰিহণা দিয়ে আৰু আহত সাংবাদিকসকলৰ 'আশু আৰোগ্য' কামনা কৰে ।

লেবাননৰ নেচনেল নিউজ এজেঞ্চিয়ে (এনএনএ) জনোৱা অনুসৰি, ইজৰাইলে শুকুৰবাৰে আল-ধাহিৰা, আলমা আল-ছাব আৰু য়াৰিন চহৰৰ চাৰিওফালৰ অঞ্চলত বোমাবর্ষণ কৰি দক্ষিণ লেবাননৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰে । এনএনএৰ মতে, আলমা আল-ছাবৰ উপকণ্ঠত হোৱা বোমা বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ইয়াৰ প্ৰত্যুত্তৰত হিজবুল্লাই ঘোষণা কৰি যে শুকুৰবাৰে দক্ষিণ লেবাননৰ কেইবাখনো চহৰত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইলৰ চাৰিটা সীমান্ত স্থানত আক্ৰমণ কৰিছে । যাৰ ফলত ইজৰাইলী সেনাই লেবাননৰ হিজবুল্লাৰ লক্ষ্যস্থানত আক্ৰমণ কৰিবলৈ ড্ৰোণ ব্যৱহাৰ কৰে ।

উল্লেখ্য যে ৭ অক্টোবৰৰ পুৱা হামাছে ইজৰাইলী চহৰসমূহত কৰা আকস্মিক আক্ৰমণৰ সমৰ্থনত ৮ অক্টোবৰত হিজবুল্লাই শ্বেবা ফাৰ্মছৰ সামৰিক স্থানসমূহৰ ফালে কেইবাটাও মিছাইল নিক্ষেপ কৰাৰ পিছত লেবানন-ইজৰাইল সীমান্তত উত্তেজনা বৃদ্ধি পায় । ৯ অক্টোবৰত পেলেষ্টাইনী ইছলামিক জিহাদ আন্দোলনৰ (পিআইজে) সামৰিক শাখা আল-কুদছ ব্ৰিগেডৰ সদস্যসকলে লেবাননৰ পৰা উত্তৰ ইজৰাইলত অনুপ্ৰৱেশ কৰি ইজৰাইলী বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পিছত উত্তেজনা পুনৰ বৃদ্ধি পায় । যাৰ ফলত ইজৰাইলী বাহিনীয়ে দক্ষিণ লেবাননৰ কেইবাটাও অঞ্চলত আঘাত কৰে । ইয়াৰ ফলত তিনিজন হিজবুল্লা সদস্য নিহত হয় ।

ইয়াৰেই প্ৰত্যুত্তৰত হিজবুল্লাই ৯ অক্টোবৰৰ সন্ধিয়া উত্তৰ ইজৰাইলৰ ইজৰাইলী প্ৰণিত আৰু আভিভিম বেৰেকত মিছাইল আৰু মৰ্টাৰ শ্বেলেৰে আক্ৰমণ কৰে । ১১ অক্টোবৰত হিজবুল্লাই লেবানন সীমান্তৰ ওচৰৰ আল-জাৰ্দাহৰ ইজৰাইলী সামৰিক স্থানত মিছাইলেৰে আক্ৰমণ কৰে আৰু দাবী কৰে যে এই আক্ৰমণৰ ফলত ইজৰাইলী বাহিনীৰ বহু লোক হতাহত হৈছে ।

লগতে পঢ়ক :Israel Palestine War: কেনে আছে ইজৰাইল? এই সন্দৰ্ভত তেল আভিভত কৰ্মৰত শিবু ছেত্ৰীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details