ইণ্টাৰনেচনেল ডেস্ক, ৬ ডিচেম্বৰ :কাটাৰ বিশ্বকাপৰ (Qatar world cup football) নক আউট পৰ্যায়ৰ মেচসমূহ চলি আছে । ইতিমধ্যে এইবাৰৰ বিশ্বকাপৰ দাবীদাৰ কেইবাখনো দেশে আগতীয়াকৈ বিদায় লৈছে । বৰ্তমান চলি আছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ যুঁজ (FIFA world cup 2022) । তাৰ মাজতে কিংবদন্তী ফুটবলাৰ পেলে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগা হৈছে (Brazilian soccer great Pele) ।
ব্ৰাজিলিয়ান ফুটবলৰ মহান তাৰকা পেলেয়ে সোমবাৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ মেচত চিকিৎসালয়ৰ পৰা তেওঁৰ দেশৰ ৰাষ্ট্ৰীয় দলটোক উৎসাহিত কৰিব । উল্লেখ্য, কোভিড-19-ত আক্ৰান্ত হৈ শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ বাবে পেলে চিকিৎসাধীন হৈ আছে ।
তিনিবাৰৰ বিশ্বকাপ বিজয়ীগৰাকীয়ে (three time World Cup winner Pele) টুইটাৰত তেওঁৰ ১৭ বছৰীয়া এখন আলোকচিত্ৰ পোষ্ট কৰি লিখিছে, "১৯৫৮ চনত মই মোৰ দেউতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা ভাবি সেই পথত অগ্ৰসৰ হৈছিলোঁ ।" "মই জানোঁ যে আজি বহুতে একে ধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু তেওঁলোকেও প্ৰথম বিশ্বকাপ বিচাৰিছে । মই চিকিৎসালয়ৰ পৰাই খেলখন উপভোগ কৰিম আৰু মই মোৰ দেশৰ প্ৰতিগৰাকী খেলুৱৈক উৎসাহ যোগাই যাম । শুভকামনা !" তেওঁ লগতে লিখিছে (FIFA world cup Brazil match) ।