ইণ্টাৰনেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ:সাধাৰণতে এজন যাত্ৰীয়ে বিমানেৰে যাওঁতে বিভিন্ন ধৰণৰ নীতি-নিয়ম পালন কৰিব লাগে ৷ কিন্তু যেতিয়া যাত্ৰীয়ে ওভতগোৰে নাচে তেতিয়া বিমানৰ পাইলটেও ত্ৰাহি মধূসোদন সুঁৱৰিব লাগে (Passenger blacklisted by Pak airlines)৷
পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে আজৱ ঘটনা ৷ যোৱা 14 ছেপ্টেম্বৰত পাকিস্তানৰ পেছোৱাৰ পৰা ডুবাই অভিমুখে আহি থকা পিআইএৰ পিকে-২৮৩ বিমানখনত বিমানৰ ভিতৰতেই যাত্ৰীৰ উদ্ভণ্ডালিয়ে কৰে (Passenger creating ruckus mid air)৷
বিমানখনৰ ভিতৰত এজন যাত্ৰীয়ে হঠাতে আসনত খোঁচ মাৰিবলৈ আৰম্ভ কৰাৰ লগতে বিমানখনৰ খিৰিকী ভগাৰ উদ্দেশ্যে বলপূৰ্বকভাৱে গোৰ মাৰে ৷ তেওঁৰ এই কাৰ্য দেখি বিমানখনৰ কৰ্তৃপক্ষই আহি লোকজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁতে ওলোটাই বাক-বিতণ্ডাত লিপ্ত হয় ৷ ইয়োৰপৰি যাত্ৰীজনে নিজৰ ছিটটো ফালি পেলোৱাৰ লগতে বিমানখনৰ মাজৰ অংশত তলমূৰ হৈ শুই দিয়ে ৷