ইণ্টাৰনেশ্যনেল ডেস্ক,১৪ অক্টোবৰ :গাজাৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত আছে । এই যুদ্ধই ইতিমধ্যে এসপ্তাহত ভৰি দিছে । ইজৰাইলৰ বিমান আক্ৰমণত গাজাৰ শৰণাৰ্থী শিবিৰসমূহো ধ্বংস হোৱা দেখা গৈছে । ইফালে ইজৰাইলে পেলেষ্টাইনীসকলক তেওঁলোকৰ ঠাই এৰিবলৈও সতৰ্ক কৰি দিছে । বহুতে সন্দেহ কৰিছে ইজৰাইলৰ নিৰ্দেশ অনুসৰি এনে পৰিস্থিতিত লোকসকলে গাজাৰ দক্ষিণলৈ স্থানান্তৰ হোৱা উচিত হ'ব নে নহয় ! নে তেওঁলোকে এই আক্ৰমণৰ পাছতো ঘৰতে থাকিব লাগে ? ভৱিষ্যতৰ কথা চিন্তা কৰি গাজাবাসীৰ মনত এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । কিন্তু যি ধৰণে গাজাত ইজৰাইলে আক্ৰমণ অব্যাহত ৰাখিছে সকলো প্ৰশ্নৰ উত্তৰ এটাই তেওঁলোক গৃহহীন হ'বলৈ গৈ আছে !
গাজাৰ নাগৰিকসকল অৰ্থাৎ পেলেষ্টাইনীসকল ক'ত যাব ? এই সন্দৰ্ভত এগৰাকী স্বাস্থ্য কৰ্মী জামালে কৈছে যে এইটো এটা অস্তিত্বকৰ প্ৰশ্ন যাৰ কোনো উত্তৰ নাই । বৰ্তমান পৰিস্থিতিত কোনো সুৰক্ষিত আশ্ৰয় নাই, এনে কোনো ঠাই নাই যাক ঘেৰাও কৰা হোৱা নাই । যাবলৈ কোনো ঠাই নাই বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।
উল্লেখ্য যে উত্তৰ গাজা আৰু গাজা চহৰৰ সাধাৰণ নাগৰিকসকলক এক আদেশ দি ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰায় ১.১ নিযুত পেলেষ্টাইনীক ২৪ ঘণ্টা সময় দিছে । গাজাৰ উত্তৰ সীমান্তৰ সমীপত কেইবা হাজাৰ ইজৰাইলী সেনা সমবেত হৈ আছে । ইজৰাইলী যুদ্ধ বিমানবোৰৰ আকাশমাৰ্গত গৰ্জন শুনিবলৈ পোৱা গৈছে ।