অসম

assam

Pakistan political crisis : অনাস্থা প্ৰস্তাৱৰ ভোটৰ বাবে সাজু ইমৰান খান

By

Published : Apr 3, 2022, 11:57 AM IST

কি হ'ব ইমৰান খানৰ ভৱিষ্যত ? আজিৰ দিনটোত বিশ্ববাসীৰ দৃষ্টি পাকিস্তানৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত । দেওবাৰে অনুষ্ঠিত হ'ব অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ (No-confidence vote against Pakistan government)। ইতিমধ্যে মিত্ৰজোঁটৰ মুখ্য সহযোগী দলৰ সমৰ্থন হেৰুৱাইছে ইমৰান খানৰ দলে ।

Pakistan political crisis
অনাস্থা প্ৰস্তাৱৰ ভোটৰ বাবে সাজু ইমৰান খান

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩ এপ্ৰিল :বিগত কেইবাটাও সপ্তাহ ধৰি পাকিস্তানৰ ৰাজনৈতিক প্ৰেক্ষাপট অতি উত্তেজনাময় হৈ আছে । বিৰোধীয়ে প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ (No-confidence motion against Imran Khan) পাছত একপ্ৰকাৰ দেশত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল । ইমৰান খানৰ পক্ষত বহুতে ৰাজপথলৈ ওলাই আহিছিল । আনহাতে বিৰোধীয়েও দেশজুৰি ইমৰান খান বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিছে ।

অৱশ্যে এনে উত্তেজনাৰ মাজতে দেওবাৰে অনুষ্ঠিত হ'ব অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ (No-confidence vote against Pakistan government) । পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাত অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ । ইতিমধ্যে নিম্ন সদন আৰু পাকিস্তানী সেনাৰো সমৰ্থন হেৰুৱাইছে ইমৰান খানে । গতিকে এই ভোটগ্ৰহণৰ পাছতে দেখা যাব ইমৰান খানৰ ভৱিষ্যত কি হ'ব ?

মিত্ৰজোঁটৰ দলসমূহৰ পৰাও ইমৰান খানে ইতিমধ্যে সমৰ্থন হেৰুৱাইছে (Imran Khan lost support from the allies) । মুখ্য সহযোগী দল মুত্তাহিদা কৌমি মুভমেণ্ট পাকিস্তানৰ (MQM-P) সমৰ্থন হেৰুওৱাৰ লগে লগে সংখ্যাগৰিষ্ঠতাও হেৰুৱাইছে ইমৰান খান নেতৃত্বাধীন পিটিআই দলে । MQM-P দলে বুধবাৰে ঘোষণা কৰা মতে তেওঁলোকে পাকিস্তান পিপলছ পাৰ্টীৰ (PPP) সৈতে চুক্তিবদ্ধ হৈছে আৰু বিধানসভাত অনাস্থা ভোটক সমৰ্থন জনাবলৈ সাজু হৈছে ।

উল্লেখ্য যে, ২০১৮ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ইমৰান খানে (Imran Khan was elected as PM in July 2018) অৰ্থনৈতিক স্থিতি শক্তিশালী কৰা আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু প্ৰতিশ্ৰুতিসমূহ পালন কৰাত ব্যৰ্থ হৈছে ইমৰান খানৰ চৰকাৰ । যাৰ বাবে প্ৰতিবাদস্বৰূপে বিৰোধীয়ে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে ।

অৱশ্যে অনাস্থা প্ৰস্তাৱৰ পাছতো মনে মনে বহি থকা নাই প্ৰধানমন্ত্ৰী ইমৰান খান । অনাস্থা প্ৰস্তাৱৰ পৰা নিজকে বচাবলৈ তেওঁ বিভিন্ন কৌশল অৱলম্বন কৰিছে । যোৱা দেওবাৰে ইছলামাবাদত ইমৰান খানে এক বিশাল সমদলৰ আয়োজন কৰে (Pakistan PM rally in Islamabad) । য'ত তেওঁ সমৰ্থকসকলৰ মনত জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰে ।

বাহিৰা শক্তিয়ে ইমৰান খানৰ চৰকাৰ ভাঙিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলিও তেওঁ অভিযোগ কৰে । ইমৰান খানে কোৱা মতে অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণৰ বাবেও তেওঁ বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে । এই ভোটগ্ৰহণক লৈ তেওঁৰ বিশ্বাস নাই বুলিও উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তেওঁ পাকিস্তানৰ যুৱক-যুৱতীসকলক আন্দোলন কৰিবলৈ আৰু বাহ্যিক শক্তিৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় (Pakistan PM calls for street protest) । ইমৰান খানে দাবী কৰে যে বিৰোধী নেতাসকলে তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ নিষ্পত্তি কৰাৰ বাবে এই উপায় অৱলম্বন কৰিছে ।

লগতে পঢ়ক :Pakistan political crisis : সংকটত ইমৰান খানৰ চৰকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details