ইণ্টাৰনেশ্যনেল ডেস্ক, 6 আগষ্ট : দ্য নিউজ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা অনুসৰি 2023 চনৰ ডিজিটেল লোকপিয়লৰ ওপৰত ভিত্তি কৰি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাটো 2024 চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ আগতে সম্ভৱপৰ নহয় বুলি পাকিস্তানৰ আইন মন্ত্ৰী আজাম নাজিৰ তাৰাই কয় । শনিবাৰে জিঅ’ নিউজৰ সৈতে হোৱা কথা-বতৰাত তাৰাই কয় যে, প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নেতৃত্বত কাউন্সিল অৱ কমন ইন্টাৰেষ্টৰ (চিচিআই) বৈঠকত “সৰ্বসন্মতিক্ৰমে” নতুন লোকপিয়লৰ ফলাফলত অনুমোদন জনোৱা হৈছে ।
সংবিধানৰ 51 নং অনুচ্ছেদৰ উল্লেখ কৰি আইন মন্ত্ৰীগৰাকীয়ে কয় যে, আয়োগে প্ৰকাশ কৰা সমষ্টিসমূহৰ সীমা অনুসৰি ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি দ্য নিউজ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰিছে । আইন মন্ত্ৰীগৰাকীয়ে কয় যে, পাকিস্তানৰ নিৰ্বাচন আয়োগে 120 দিনৰ ভিতৰত সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব । অৱশ্যে তেওঁলোকে কিমান সোনকালে এই প্ৰক্ৰিয়া আৰম্ভ কৰে সেয়া ইচিপিৰ বিচাৰাধীন বুলিও তেওঁ কয় ।
তেওঁ কয় যে, 2023 চনৰ লোকপিয়লৰ ফলাফলত দেখা গৈছে যে পৰৱৰ্তী নিৰ্বাচনত ৰাষ্ট্ৰীয় বিধানসভাৰ সাধাৰণ আসনত প্ৰদেশসমূহৰ অংশীদাৰিত্ব সলনি নহ’ব বুলি দ্য নিউজ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰিছে । কাম সম্পন্ন হ’লে 120 দিনৰ সময়সীমা হ্ৰাস কৰিব পৰা যাব বুলি উল্লেখ কৰি আইন মন্ত্ৰীগৰাকীয়ে কয় যে, সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু 54 দিনৰ প্ৰয়োজন । সমগ্ৰ প্ৰক্ৰিয়াটো 150-165 দিনৰ অধিক হ’ব নালাগে বুলিও তেওঁ লগতে কয় । দ্য নিউজ ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা অনুসৰি 2023 চনৰ লোকপিয়লৰ ভিত্তিত চিচিআইৰ আঠজন সদস্যই আগন্তুক নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে ।