ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ :পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআই নেতা ইমৰান খানে কৈছে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অনুচ্ছেদ ৩৭০ বাতিল বাহালৰ ৰায়ে কাশ্মীৰ সমস্যাক অধিক জটিল কৰি তুলিব ।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে সোমবাৰে জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ২০২৯ চনৰ আগষ্ট মাহৰ সিদ্ধান্তক সৰ্বসন্মতিক্ৰমে বাহাল ৰাখে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা ইমৰান খানে এক বাৰ্তাত কয় যে ভাৰতীয় শীৰ্ষ ন্যায়ালয়ৰ ৰায়টো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ সম্পূৰ্ণ উলংঘন । তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফৰ এক্স হেণ্ডেলত কৰা এটা পোষ্টত এনেদৰে কয় ।
ইমৰান খানে লগতে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় শীৰ্ষ আদালতৰ বিতৰ্কিত আৰু বেআইনী সিদ্ধান্তই দশকজোৰা সংঘাত সমাধানত সহায় কৰাৰ পৰিৱৰ্তে কাশ্মীৰ সমস্যাক অধিক জটিল কৰি তুলিব । আনহাতে, তেওঁৰ দলে কাশ্মীৰী লোকসকলক সম্পূৰ্ণ কূটনৈতিক, নৈতিক আৰু ৰাজনৈতিক সমৰ্থন আগবঢ়াই যাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।