ইণ্টাৰনেচনেল ডেস্ক, 1 অক্টোবৰ :পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছক (Pakistan International Airlines) শুকুৰবাৰে এক স্পষ্টীকৰণ দিবলৈ বাধ্য কৰোৱা হয় । উল্লেখ্য, দেশখনৰ ৰাষ্ট্ৰীয় এয়াৰলাইনছটোৱে নিজৰ কেবিন ক্ৰুসকলৰ বাবে জাৰি কৰা এক অদ্ভূত পোছাক বিধিৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হৈছিল (PIA bizarre dress code for cabin crew) । উক্ত পোছাক বিধিত তেওঁলোকে নিৰ্দেশ দিছিল যে ইউনিফৰ্মৰ তলত অন্তৰ্বাস পিন্ধাটো অতি জৰুৰী ।
উল্লেখ্য যে বৃহস্পতিবাৰে পিআইএয়ে ইয়াৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিছিল যে ইউনিফৰ্মৰ তলত অন্তৰ্বাস পিন্ধাটো জৰুৰী (Dress code for PIA cabin crew) । তেওঁলোকে ইয়াৰ কাৰণ হিচাবে জনাইছিল যে সঠিক পোছাকৰ অভাৱৰ ফলত "বেয়া প্ৰভাৱ" পৰিব আৰু এয়াৰলাইনছৰ "নেতিবাচক প্ৰতিচ্ছবি" প্ৰদৰ্শিত হ'ব । যাৰ ফলত এই আদেশক অনুপযুক্ত বুলি অভিহিত কৰি বিভিন্ন মহলৰ পৰা ব্যাপকভাৱে সমালোচনা কৰা হয় । পাক সংবাদ মাধ্যম জিঅ' নিউজৰ বাতৰি অনুসৰি, ৰাষ্ট্ৰীয় পৰিবহণ সংস্থাটোৱে এই প্ৰতিক্ৰিয়া লাভ কৰাৰ পিছতে উক্ত বিবৃতি তৎক্ষণাৎ প্ৰত্যাহাৰ কৰে ।
আনহাতে, উক্ত ঘটনাৰ 24 ঘণ্টাৰ পিছত এয়াৰলাইনছটোৱে ঘটনাটোৰ উত্তেজনা কমাবলৈ চেষ্টা কৰি যথেষ্ট সতৰ্কতাৰে এক স্পষ্টীকৰণ প্ৰকাশ কৰে । পিআইএৰ মুখ্য মানৱ সম্পদ বিষয়াই (Chief HR Officer of PIA) এক লিখিত স্পষ্টীকৰণত কয় যে পৰামৰ্শটোৰ অন্তৰ্নিহিত উদ্দেশ্যই সঠিক পোছাক বিধি নিশ্চিত কৰা সত্ত্বেও প্ৰকাশ কৰা বিবৃতিটো অজানিতে শব্দৰ অনুপযুক্ত ব্যৱহাৰেৰে প্ৰকাশ পাইছিল ।