ইন্টাৰনেচনেল ডেস্ক, 21 মে’:পাকিস্তানৰ বিদেশ কাৰ্যালয়ে (Foreign Office of Pakistan) প্ৰকাশ কৰিছে যে, দেশখনে সন্ত্ৰাসবাদৰ ভাবুকি নিৰ্মূল কৰি দেশত সম্পূৰ্ণ শান্তি অনাৰ প্ৰতিশ্ৰুতি দিছে (Pakistan vowed to eliminate terrorism) ৷ সংবাদ মাধ্যমক সম্বোধন কৰি বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ আছিফ ইফটিখাৰে কয় যে, '' সন্ত্ৰাসবাদ সমগ্ৰ অঞ্চলটোৰ বাবে এক উমৈহতীয়া ভাবুকি ৷ মই ক’ব পাৰো যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ আমাৰ সংকল্প অটল হৈয়েই আছে । ''
ইয়াৰোপৰি তেওঁ কয়, '' সন্ত্ৰাসবাদৰ ব্যাধিক পৰাস্ত কৰি আমাৰ দেশত শান্তি আৰু স্থিতিশীলতা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে আমি সকলো পথ অনুসৰণ কৰিম ৷ '' বৈদেশিক শক্তিৰ লগত সম্পৰ্ক স্থাপন (Pakistan's foreign policy) সন্দৰ্ভত তেওঁ কয়, '' বৃহৎ শক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ পাকিস্তানৰ বৈদেশিক নীতি সামঞ্জস্যপূৰ্ণ । আমি আমেৰিকা, চীন, ৰাছিয়া আদিকে ধৰি সকলো প্ৰধান শক্তিৰ সৈতে পাৰস্পৰিক স্বাৰ্থ, পাৰস্পৰিক লাভ আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি সুষম, বস্তুনিষ্ঠ আৰু প্ৰকৃতাৰ্থত গভীৰ সম্পৰ্ক বিচাৰো ৷''