অসম

assam

ETV Bharat / international

Imran Khan Case : কাৰাগাৰত ইমৰান খানক অধিবক্তাৰে সাক্ষাতত বাধা আৰক্ষীৰ - former Pak Prime Minister Imran Khan

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰীৰ চাইফাৰ গোচৰৰ শুনানি এটক কাৰাগাৰলৈ স্থানান্তৰ কৰাটো পূৰ্বতে পাকিস্তান তেহৰিক-ই-ইনচাফে নাকচ কৰিছিল । দলটোৰ মুখপাত্ৰজনে কয় যে উচ্চতম ন্যায়ালয়ে মানৱ অধিকাৰ উলংঘনৰ বিষয়ত গুৰুত্ব দিয়াটো বিচাৰিছিল পিটিআয়ে ।

Imran Khan Case
Imran Khan Case

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 9:48 AM IST

ইণ্টাৰনেচনেল ডেস্ক, ২ ছেপ্টেম্বৰ : পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) মুৰব্বী ইমৰান খানৰ অধিবক্তাসকলক আৰক্ষীয়ে তেওঁক এটক কাৰাগাৰত সাক্ষাতৰ অনুমতি দিয়া নাই । এআৰআই নিউজৰ বাতৰিত এই কথা প্ৰকাশ । অধিবক্তা চিৰাজ আহমেদ ৰঞ্জা আৰু গহৰ আলীয়ে শুকুৰবাৰে ইমৰান খানক লগ কৰাৰ কথা আছিল । গহৰ আলীয়ে সংবাদ মাধ্যমক জনোৱা মতে, পিটিআই নেতাজনৰ শাস্তি স্থগিত কৰা হৈছে, কিন্তু চাইফাৰ গোচৰ সন্দৰ্ভত তেওঁক আটক কৰা হৈছে ।

গহৰ আলীয়ে কয়, "আদালতৰ নিৰ্দেশ সত্বেও মোক পিটিআইৰ অধ্যক্ষৰ সৈতে সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া নাই ।" আনহাতে, ৰাঞ্জাই কয় যে আদালতে কাৰাগাৰৰ বিষয়াসকলক পিটিআইৰ মুৰব্বী আৰু তেওঁৰ পুত্ৰসকলৰ মাজত টেলিফোনযোগে বাৰ্তালাপৰ অনুমতি দিবলৈ নিৰ্দেশ দিছিল । কিন্তু কাৰাগাৰৰ বিষয়াসকলে সেই অনুমতি প্ৰদান কৰা নাই বুলি এআৰআই নিউজত প্ৰকাশ ।

উল্লেখ্য যে পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) মুৰব্বীগৰাকীক প্ৰতিনিধিত্ব কৰা আইনী দলটোৱে শুকুৰবাৰে চাইফাৰ গোচৰৰ বাবে গোচৰৰ ফাইল লাভ কৰে । বাতৰি অনুসৰি, পিটিআই প্ৰধানৰ জিম্মাৰ তথ্য আৰু চাইফাৰ গোচৰৰ ৰেকৰ্ড প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ আইনী দলক দিয়া হৈছে । পিটিআইৰ অধ্যক্ষৰ অধিবক্তাই আদালতৰ পৰা চাইফাৰ গোচৰৰ ৰেকৰ্ড বিচাৰিছিল । আদালতে আবেদন গ্ৰহণ কৰাৰ পিছত এই ৰেকৰ্ড আইনী দলটোক প্ৰদান কৰা হয় । পিটিআই প্ৰধানৰ এটৰ্ণী খালিদ ইউছুফে পিছত এই কথা স্বীকাৰ কৰা বুলি এআৰআই নিউজৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

ইফালে প্ৰাক্তন পাক প্ৰধানমন্ত্ৰীৰ চাইফাৰ গোচৰৰ শুনানি এটক কাৰাগাৰলৈ স্থানান্তৰ কৰাটো পূৰ্বতে পাকিস্তান তেহৰিক-ই-ইনচাফে নাকচ কৰিছিল । দলটোৰ মুখপাত্ৰজনে কয় যে উচ্চতম ন্যায়ালয়ে মানৱ অধিকাৰ উলংঘনৰ বিষয়ত গুৰুত্ব দিয়াটো বিচাৰিছিল পিটিআয়ে । পাকিস্তান তেহৰিক-ই-ইনচাফৰ মুৰব্বীৰ বিৰুদ্ধে চাইফাৰ গোচৰৰ শুনানি এটক কাৰাগাৰলৈ স্থানান্তৰিত কৰা হয় ।

আইন মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, মন্ত্ৰালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চাইফাৰ গোচৰৰ শুনানি এটক কাৰাগাৰত অনুষ্ঠিত কৰিবলৈ অনুমোদন জনাইছে । এইটো মন কৰিবলগীয়া যে ইছলামাবাদৰ এখন বিশেষ আদালতে পিটিআইৰ অধ্যক্ষক এটক কাৰাগাৰত চাইফাৰ গোচৰত ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল, য'ত প্ৰাক্তন প্ৰধানমন্ত্ৰীক বন্দী কৰি ৰখা হৈছে ।

লগতে পঢ়ক :Pakistan Economic Crisis : পাকিস্তানত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৩০৫ টকা; ডিজেলৰ মূল্য ৩১১ টকালৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details