অসম

assam

ETV Bharat / international

Pak PM Trolled : মহিলা বিষয়াৰ পৰা ছাতি কাঢ়িলে পাক প্ৰধানমন্ত্ৰীয়ে; ভিডিঅ' ভাইৰেলৰ পিছত ট্ৰ'ল - new global financial pact summit in Peris

পাকিস্তানৰ অৰ্থনীতিৰ দৰে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফো উদ্বিগ্নতাপূৰ্ণ । আতংকিত অৱস্থাত তেওঁ এনে আচৰণ কৰে, যাৰ বাবে তেওঁ নেট মাধ্যমত আলোচনাৰ বিষয় হৈ পৰে । তেওঁ পেৰিছত কিয় মহিলা বিষয়াৰ ছাতি কাঢ়ি লৈছিল, নেটিজেনসকলে উক্ত ঘটনাত কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ?

Pak PM Trolled
Pak PM Trolled

By

Published : Jun 24, 2023, 2:05 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ২৪ জুন : নতুন আন্তৰ্জাতিক বিত্তীয় চুক্তি সন্মিলনৰ বাবে পেৰিছৰ পালাইছ ব্ৰগনিয়াৰ্টত উপস্থিত হোৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এটা ভিডিঅ' বৰ্তমান ছচিয়েল মিডিয়াৰ চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে । উক্ত ভিডিঅ'টোত শ্বাহবাজক সন্মিলনস্থলীত তেওঁৰ গাড়ীৰ পৰা নামি অহা দেখা গৈছে আৰু এগৰাকী পৰিচাৰিকাই তেওঁক আদৰণি জনায় । সেই সময়ত পেৰিছত বৰষুণ হৈ আছিল । মহিলাগৰাকীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ পিছফালে এটা ছাতি ধৰি আছিল ।

কিন্তু কেইখোজমান খোজকাঢ়ি যোৱাৰ পিছতে শ্বাহবাজে মহিলাগৰাকীৰ পৰা ছাতিটো নিজৰ হাতত লয় । কেৱল সেয়াই নহয়, মহিলাগৰাকীক বৰষুণত ভিজিবলৈ এৰি থৈ তেওঁ প্ৰৱেশদ্বাৰৰ ফালে আগবাঢ়ে । ভিডিঅ'টোত দেখা গৈছে যে পৰিচাৰিকাগৰাকীয়ে বৰষুণত ভিজি ভিজিয়ে তেওঁৰ পিছে পিছে গৈ থাকে । আনহাতে, শ্বাহবাজে ভৱনটোত প্ৰৱেশ কৰাৰ পিছত তেওঁক ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কেথেৰিন কলোনাই আদৰণি জনায় । আমোদজনক কথাটো হৈছে, এই ভিডিঅ'টো পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অফিচিয়েল একাউণ্টৰ পৰা টুইট কৰা হৈছে ।

ইফালে ভিডিঅ'টোৰ ওপৰত মন্তব্য কৰি বহুতে শ্বাহবাজক মহিলাগৰাকীক বৰষুণত তিতিবলৈ এৰি দিয়াৰ বাবে সমালোচনা কৰে । তেওঁক পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক প্ৰৱেশদ্বাৰলৈ লৈ যোৱাৰ দায়িত্ব দিয়া হৈছিল । মহিলাগৰাকীৰ হাতৰ পৰা ছাতিটো লৈ শ্বাহবাজে তেওঁক বৰষুণত ভিজাই থৈ যায় । নেটিজেনৰ সমালোচনা, শ্বাহবাজৰ ভাল উদ্দেশ্য থাকিব পাৰে, কিন্তু এইটো এটা সম্পূৰ্ণ অবিবেচক পদক্ষেপ আছিল ।

আন এজন ব্যক্তিয়ে লিখিছে যে তেওঁৰ উদ্দেশ্য সঠিক আছিল, কিন্তু ঘটনাটো হাস্যকৰ যেন লাগিছে । তেওঁ (পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ) অজ্ঞ আৰু উদ্বিগ্ন যেন লাগিছে । তেওঁক পথ প্ৰদৰ্শন কৰিবলৈ সঁচাকৈয়ে কিছু ভাল মানুহৰ প্ৰয়োজন । আনহাতে, আন এজন টুইটাৰ ইউজাৰে লিখিছে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিজেই এই ভিডিঅ'টো টুইট কৰিছে, এইটো সকলোতকৈ ভাল কথা ।

লগতে পঢ়ক :Titan Submersible Crew Dead : টাইটানিকৰ অনুসন্ধানত গৈ এইবাৰ সন্ধানহীন টাইটান; ৫ যাত্ৰীক মৃত্যু ঘোষণা

ABOUT THE AUTHOR

...view details