অসম

assam

Israel Palestine war: ২৪ ঘন্টাত গাজাত প্ৰায় ৭০০ পেলেষ্টাইনীক হত্যা

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 8:50 PM IST

মঙলবাৰে ১৮ দিনত ভৰি দিয়া ইজৰাইল-হামাছৰ যুদ্ধ শাম কটাৰ কোনো অৱকাশেই দেখা যোৱা নাই ৷ যোৱা ২৪ ঘণ্টাত কমেও ৭০০ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে গাজাত ৷

Israel Palestine war
Over 700 Palestinians killed in 24 hrs says Gaza health ministry

নিউজ ডেস্ক, ২৪ অক্টোবৰ: ইজৰাইলে হামাছ উগ্ৰপন্থীৰ বিৰুদ্ধে আশা কৰা ধৰণৰ স্থলপথ আক্ৰমণৰ পূৰ্বে গাজা ষ্ট্ৰিপৰ লক্ষ্যত বোমাবৰ্ষণ তীব্ৰতৰ কৰি তুলিছে । এই যুদ্ধই গাজাত মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি কৰিছে আৰু অঞ্চলটোত অধিক সংঘাতৰ সূচনা হ’ব পাৰে বুলি আমেৰিকাই আশংকা কৰিছে । হামাছৰ বিষয়াসকলে কয় যে গাজাত ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত যোৱা ২৪ ঘণ্টাত কমেও ৭০০ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে ।

মঙলবাৰে ১৮ দিনত ভৰি দিয়া এই যুদ্ধখন দুয়োপক্ষৰ মাজত সংঘটিত পাঁচোখন গাজাৰ যুদ্ধৰ ভিতৰত আটাইতকৈ মাৰাত্মক । হামাছৰ নেতৃত্বত স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ৭ অক্টোবৰৰ পৰা গাজাত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে চলোৱা বিমান আক্ৰমণত কমেও ৫,৭৯১ জন পেলেষ্টাইনী নিহত আৰু ১৫,২৭০ জন আহত হৈছে । দখল কৰা পশ্চিম পাৰত হিংসাত্মক পৰিস্থিতি আৰু ইজৰাইলৰ অভিযানত ৯৬ জন পেলেষ্টাইনী নিহত হোৱাৰ লগতে ১৬৫০ জন আহত হৈছে ।

৭ অক্টোবৰত গাজা সীমান্তৰ পৰা হামাছে ইজৰাইলৰ চহৰসমূহত আক্ৰমণ কৰাৰ পিছত ইজৰাইলত ১৪০০ৰো অধিক লোক নিহত হয় ৷ যাৰ ভিতৰত বেছিভাগেই সাধাৰণ নাগৰিক । তাৰ উপৰিও বিদেশী নাগৰিককে ধৰি কমেও ২২২ জন লোকক আক্ৰমণৰ সময়ত হামাছে বন্দী কৰি গাজালৈ লৈ যোৱা বুলি ধাৰণা কৰা হৈছে । ইয়াৰে চাৰিজনক তাৰ পিছত মুকলি কৰি দিয়া হৈছে ।

৭ অক্টোবৰত ইজৰাইলৰ চহৰসমূহত হামাছে আক্ৰমণ চলোৱাৰ পিছত ইজৰাইলে গাজা ভূখণ্ড বন্ধৰ একমাত্ৰ পথটো বন্ধ কৰি দিয়ে ৷ ফলত গাজাৰ ২৩ লাখ লোকৰ মাজত খাদ্য, পানী আৰু ঔষধৰ অভাৱ ঘটে ৷ এতিয়ালৈকে গাজাত প্ৰৱেশৰ অনুমতি দিয়া সাহায্য কনভয়সমূহে প্ৰয়োজনীয় সামগ্ৰীৰ এক অংশ কঢ়িয়াই লৈ ফুৰিছে আৰু ৰাষ্ট্ৰসংঘই কয় যে ট্ৰাকসমূহৰ বাবে ইন্ধন নাথাকিলে বিতৰণ বন্ধ কৰিব লাগিব ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে মঙলবাৰে এখন সংবাদমেলত হামাছক ধ্বংস কৰিব লাগিব বুলি কয় আৰু যুদ্ধত কিছু সময় লাগিব পাৰে বুলি সকীয়াই দিয়ে । তেওঁৰ সৈতে আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন । নেতানিয়াহুৱে লগতে কয় যে এই যুদ্ধ শেষ হোৱাৰ পিছত আৰু কোনেও “হামাছৰ অত্যাচাৰৰ অধীনত” জীয়াই নাথাকিব । ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত হামাছে পণবন্দী কৰি নিয়া দুগৰাকী বৃদ্ধ ইজৰাইলী মহিলাক মুকলি কৰি দিয়াৰ কেইঘণ্টামানৰ পাছত আজি টেল আভিভত অৱতৰণ কৰে মেক্ৰনে ।

ইজৰাইলৰ চীফ অৱ ষ্টাফ লেফটেনেণ্ট জেনেৰেল হাৰ্জি হালেভিয়ে মত প্ৰকাশ কৰিছে যে ইজৰাইলে গাজাত কৰা মাৰাত্মক বিমান আক্ৰমণ বন্ধ কৰাৰ কোনো উদ্দেশ্য নাই । হালেভিয়ে এক বিবৃতিত কয়, ‘‘আমি হামাছক সম্পূৰ্ণ ৰূপে নিঃশেষ কৰি পেলাব বিচাৰো । স্থল অভিযানৰ বাবে আমি ভালদৰে সাজু ।” ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কয় যে যুদ্ধৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে সামৰিক বাহিনী “প্ৰস্তুত আৰু দৃঢ়প্ৰতিজ্ঞ” হৈ আছে ৷ মাত্ৰ ৰাজনৈতিক নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি আছে ।

ইজৰাইলে মঙলবাৰে কয় যে বিগত ২৪ ঘণ্টাত সমগ্ৰ গাজা ষ্ট্ৰিপত ৪০০ৰো অধিক উগ্ৰপন্থীৰ লক্ষ্যত আঘাত হানিছে । ‘‘হামাছৰ সন্ত্ৰাসবাদী সামৰ্থ ভাঙি পেলোৱাৰ বাবে চলোৱা এক ব্যাপক অভিযানত IDFএ যোৱা ২৪ ঘণ্টাত ৪০০ৰো অধিক সন্ত্ৰাসবাদী লক্ষ্যত আঘাত হানে ৷ ইজৰাইলৰ ফালে ৰকেট নিক্ষেপ কৰিবলৈ হামাছৰ বন্দুকধাৰীয়ে যো-জা চলাইছে ।’’

‘‘হামাছৰ এটা অপাৰেচনেল সুৰংগ যাৰ সহায়ত সন্ত্ৰাসবাদীয়ে সাগৰৰ মাজেৰে ইজৰাইলত অনুপ্ৰৱেশ কৰিব পাৰে । অপাৰেটিভসকলে ব্যৱহাৰ কৰা হামাছৰ কমাণ্ড চেণ্টাৰ আৰু মছজিদত অস্ত্ৰ-শস্ত্ৰ মজুত আছে । নিৰীহ সাধাৰণ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আইডিএফে কাম কৰি যাব ।’’ আইডিএফে এক্সত প্ৰকাশ কৰা এটা পোষ্টত এইদৰে কয় ।

লগতে পঢ়ক:Israel Hamas war: গাজাত কি ধৰণে চলিব ইজৰাইলৰ স্থল আক্ৰমণ; আমেৰিকাই দিছে দুটা মডেল

ABOUT THE AUTHOR

...view details