ইন্টানেশ্যনেল ডেস্ক, 4 জুন :ওড়িশাৰ ৰে’ল দুৰ্ঘটনা দেখি কেৱল ভাৰততে নহয় বিশ্বৰ আগশাৰী কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানে দুখ প্ৰকাশ কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ওড়িশাৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে (USA President Condolences) ৷ য'ত 288 জন যাত্ৰীৰ মৃত্যু আৰু 1000 ৰো অধিক লোক আহত হৈছে ।
ৰাষ্ট্ৰপতি জ’ বাইডেনে আৰু জিল্ল বাইডেনে কয়, ‘‘বালাচোৰ জিলাত সংঘটিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে’’ (USA First lady Jill Baiden) ৷ ‘‘আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত পৰিয়াল আৰু সংস্কৃতিৰ সম্পৰ্কৰ গভীৰ সম্পৰ্ক আছে ৷ যি আমাৰ দুয়োখন ৰাষ্ট্ৰক পুনৰ একত্ৰিত কৰে আৰু সমগ্ৰ আমেৰিকাৰ মানুহে ভাৰতৰ জনসাধাৰণৰ সৈতে শোক প্ৰকাশ কৰিছে ।’’ (White House Official) ৷ এইদৰে হোৱাট হাউচৰ উদ্ধৃতিৰে ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় (USA President Joe Baiden) ৷
শুকুৰবাৰে ক’ৰ’মণ্ডল আৰু বেংগালুৰু-হাওৰা এক্সপ্ৰেছ ৰে’লৰ দুৰ্ঘটনাত বৰ্তমানলৈকে 288 জন যাত্ৰী নিহত আৰু 1000 ৰো অধিক লোক আহত হৈছে । বালাচোৰ ৰে’ল দুৰ্ঘটনাটোৰ সময়ত 2000 ৰো অধিক যাত্ৰীয়ে ক’ৰ’মণ্ডল আৰু বেংগালুৰু-হাওৰা এক্সপ্ৰেছ যাত্ৰা কৰি আছিল ৷ এই দুৰ্ঘটনাত সামান্যভাৱে আঘাতপ্ৰাপ্ত প্ৰায় 790 জনৰো অধিকক যাত্ৰীক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে (USA President condoles deaths in Odisha train crash) ৷