অসম

assam

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 3:10 PM IST

ETV Bharat / international

Kim Jong Un in Russia : ৰাছিয়াত পাৰমাণৱিক বোমাৰু বিমান পৰিদৰ্শন কিম জং উনৰ

দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে কিম জং উনে শেহতীয়াকৈ ৰাছিয়া ভ্ৰমণ কৰিছে । শনিবাৰে উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে দেশখনৰ পাৰমাণৱিক বোমাৰু বিমান আৰু অন্যান্য যুদ্ধবিমান পৰিদৰ্শন কৰে ।

Kim Jong Un inspects nuclear bombers in Russia
ৰাছিয়াত পাৰমাণৱিক বোমাৰু বিমান পৰিদৰ্শন কিম জং উনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ :ৰাছিয়া ভ্ৰমণত যোৱা উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে শনিবাৰে ৰাছিয়াৰ সুদূৰ প্ৰাচ্যত দেশখনৰ পাৰমাণৱিক বোমাৰু বিমান আৰু অন্যান্য যুদ্ধবিমান পৰিদৰ্শন কৰে । তেওঁৰ এই ভ্ৰমণে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ যুদ্ধত ইন্ধন যোগাব পৰা অস্ত্ৰ মিত্ৰতাৰ বিষয়ে পশ্চিমীয়া উদ্বেগৰ সৃষ্টি কৰিছে । ৰে'লযোগে আৰ্টিয়ম চহৰত উপস্থিত হোৱাৰ পাছত কিমে সমুদ্ৰতীৰৰ ভ্লাদিভষ্টক চহৰৰ সমীপত থকা এটা বিমানবন্দৰলৈ যাত্ৰা কৰে য'ত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগু আৰু অন্যান্য জ্যেষ্ঠ সামৰিক বিষয়াসকলে তেওঁক ৰাছিয়াৰ কৌশলগত বোমাৰু আৰু অন্যান্য যুদ্ধবিমানৰ ওপৰত বিস্তৃত তথ্য প্ৰদান কৰে ।

ইফালে কিমক দেখুওৱা ৰাছিয়াৰ সকলো যুদ্ধ বিমানে ইউক্ৰেইনৰ যুদ্ধত সক্ৰিয় ব্যৱহাৰ কৰা দেখা গৈছিল । যাৰ ভিতৰত আছে টিইউ-১৬০, টিইউ-৯৫ আৰু টিইউ-২২ বোমাৰু বিমান । যাৰ দ্বাৰা নিয়মীয়াকৈ ক্ৰুজ মিছাইল উৎক্ষেপণ কৰা হৈছিল । ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি জুলাই মাহত উত্তৰ কোৰিয়াৰ ভ্ৰমণৰ সময়ত কিমক সাক্ষাৎ কৰা শোইগুৱে কিমক ৰাছিয়াৰ শেহতীয়া মিছাইলসমূহৰ ভিতৰত মিগ-৩১ যুঁজাৰু জেটে কঢ়িয়াই অনা হাইপাৰচনিক কিঞ্জালও দেখুৱাইছিল ।

কিমৰ ৰাছিয়া ভ্ৰমণৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে উত্তৰ কোৰিয়াই ৰাছিয়াক প্ৰয়োজনীয় যুদ্ধ অস্ত্ৰ প্ৰদান কৰাৰ বিনিময়ত কিমে সামৰিক পাৰমাণৱিক কাৰ্যসূচী আগবঢ়াবলৈ ৰাছিয়াৰ প্ৰযুক্তি বিচাৰিব পাৰে ।

পৰৱৰ্তী সময়ত কিমে দেশখনৰ নৌ-জাহাজবোৰো পৰিদৰ্শন কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ দ্বাৰা কিমে ৰাছিয়াৰ পৰা কি বিচাৰিব সেয়াও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । ইউক্ৰেইনে আক্ৰমণ তীব্ৰতৰ কৰাৰ পৰিপ্ৰেক্ষিতত সম্ভৱতঃ পুটিনৰ হ্ৰাস হোৱা ভাণ্ডাৰ পুনৰ পূৰণ কৰাৰ বাবে কিমে সামগ্ৰী যোগান ধৰিব ।

ৰাছিয়াৰ কেবিনেটে শুকুৰবাৰে এটা ভিডিঅ' মুকলি কৰে য'ত কিমক এখন শীৰ্ষ মঞ্চত এছইউ-৫৭ ৰ ককপিটলৈ চাই থকা দেখুওৱা হৈছে । এছইউ-৩৫ যুঁজাৰু বিমান এখন প্ৰদৰ্শনৰ পাছত অৱতৰণ কৰাৰ সময়ত কিমেও হাত তালি বজাইছিল । ৰাছিয়াৰ বিষয়াসকলে আয়োজন কৰা এক মধ্যাহ্নভোজনৰ সময়ত কিমৰ শীৰ্ষ সামৰিক বিষয়া সেনা মাৰ্শ্বেল ৰি পিয়ং চোলে ৰাছিয়াৰ চৰকাৰক প্ৰশংসা কৰে ।

ইফালে কিমে শেহতীয়া দিনবোৰত আমেৰিকাৰ উন্নত নৌবাহিনীক প্ৰতিৰোধ কৰিবলৈ তেওঁৰ নৌবাহিনী শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । বিশ্লেষকসকলৰ মতে নৌ শক্তিৰ ওপৰত কিমৰ গুৰুত্ব বেলিষ্টিক মিছাইল চাবমেৰিন আৰু পাৰমাণৱিক চালিত চাবমেৰিনৰ বাবে অত্যাধুনিক প্ৰযুক্তি লাভ কৰাৰ লগতে ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত যুটীয়া নৌ-অনুশীলন আৰম্ভ কৰাৰ উচ্চাকাংক্ষাৰ দ্বাৰা পৰিচালিত হ'ব পাৰে ।

লগতে পঢ়ক :Putin and Kim Meet : ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কিমৰ মহাকাশ কেন্দ্ৰত বৈঠক

ABOUT THE AUTHOR

...view details