ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ জুলাই : ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুক সাক্ষাৎ কৰে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে । ক'ভিড-১৯ মহামাৰীৰ পাছত বিদেশী অতিথিৰ সৈতে এয়া কিমৰ প্ৰথম বৈঠক । উত্তৰ কোৰিয়াৰ ৰাজ্যিক সংবাদ মাধ্যমে বৃহস্পতিবাৰে এই বৈঠকৰ তথ্য প্ৰকাশ কৰে । কিম জং উন আৰু শোইগুৱে প্ৰতিৰক্ষা, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় পাৰস্পৰিক উদ্বেগৰ বিষয় আলোচনা কৰে ।
উত্তৰ কোৰিয়াৰ চৰকাৰী নাম ডেমক্ৰেটিক পিপলছ ৰিপাব্লিক অৱ কোৰিয়াৰ সংক্ষিপ্ত ৰূপ উল্লেখ কৰি চৰকাৰী কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেঞ্চিয়ে (কেচিএনএ) কয় যে দুয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠক নতুন শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি কৌশলগত আৰু পৰম্পৰাগত ডিপিআৰকে-ৰাছিয়া সম্পৰ্ক অধিক বিকাশ কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ হ'ব ।
সংবাদ মাধ্যনে উল্লেখ কৰা মতে শোইগুৱে কিমক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এখন পত্ৰও প্ৰদান কৰে । আনহাতে কিমে শোইগুৰ নেতৃত্বত প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ বাবে পুটিনক ধন্যবাদ জ্ঞাপন কৰে । শোইগুৰ পিয়ংইয়ং ভ্ৰমণ ৩ বছৰৰ ভিতৰত এগৰাকী বিদেশী নেতাৰ প্ৰথম ভ্ৰমণ হিচাপে বিবেচিত হৈছে । উত্তৰ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী কাং চানৰ সৈতেও তেওঁ আলোচনা কৰে ।