নিউজ ডেস্ক, 30 মে’:জুন মাহত উত্তৰ কোৰিয়াই উৎক্ষেপণ কৰিব প্ৰথম সামৰিক গুপ্তচৰ উপগ্ৰহ ৷ ইয়াৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উত্তৰ কোৰিয়াই ৷ উত্তৰ কোৰিয়াৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াৰ উদ্ধৃতি দি ইয়োনহাপ সংবাদ সংস্থাই জনোৱা অনুসৰি পৰিকল্পিত উৎক্ষেপণৰ উদ্দেশ্য হৈছে বাস্তৱ-সময়ৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক পদক্ষেপৰ ওপৰত লক্ষ্য ৰখা (North Korea spy satellite) ৷
উত্তৰ কোৰিয়াই 31 মে'ৰ পৰা 11 জুনৰ ভিতৰত এটা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনাৰ বিষয়ে সদৰী কৰাৰ পাচতেই পোহৰলৈ আহিছে এই তথ্য ৷ এই উপগ্ৰহ উৎক্ষেপণ যুদ্ধৰ তৎপৰতা বৃদ্ধিৰ বাবে এক "অপৰিহাৰ্য" পদক্ষেপ বুলি প্ৰকাশ কৰিছে উত্তৰ কোৰিয়াৰ চৰকাৰী চেণ্ট্ৰেল নিউজ এজেন্সিয়ে ৷
কোৰিয়াই চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ‘‘উত্তৰ কোৰিয়াই প্ৰথমটো সামৰিক গুপ্তচৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে ইতিমধ্যেই সম্পূৰ্ণ সাজু হৈ উঠিছে ৷ ইয়াৰ সফল উৎক্ষেপণৰ বাবে বৰ্তমান উৎক্ষেপণ সঁজুলিসমূহ পৰীক্ষা কৰি থকা হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ বিপজ্জনক সামৰিক কাৰ্যকলাপৰ প্ৰকৃত সময়ত অনুসৰণ, নিৰীক্ষণ, নিয়ন্ত্ৰণ আৰু আগতীয়াকৈ মোকাবিলা কৰাৰ বাবে এই উৎক্ষেপণ অতি অপৰিহাৰ্য (North Korea to launch spy satellite) ৷’’