ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ অক্টোবৰ :দক্ষিণ কোৰিয়াত পুনৰ পাৰমাণিক আক্ৰমণৰ ভাবুকি দিছে উত্তৰ কোৰিয়াই । দক্ষিণ কোৰিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধ বিমান কঢ়িওৱা বিশেষ জাহাজ উপস্থিত হোৱাৰ পাছতে এই ঘোষণা উত্তৰ কোৰিয়া । ইয়াক উত্তৰ কোৰিয়াই উচটনিমূলক পদক্ষেপ বুলিও অভিহিত কৰিছে । দেশখনত পাৰমাণৱিক অস্ত্ৰাগাৰ বৃদ্ধিৰ বাবেই এনে ধৰণৰ অস্ত্ৰ-শস্ত্ৰ আগতীয়াকৈ ব্যৱহাৰ কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে বুলি সকলোৱে অনুমান কৰিছে । কিন্তু উত্তৰ কোৰিয়াই এতিয়ালৈ আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ দ্বাৰা পৰাজিত হৈ আহিছে ।
বিশেষজ্ঞসকলে দাবী কৰা মতে উত্তৰ কোৰিয়াই প্ৰথমে পাৰমাণৱিক আক্ৰমণৰ দৰে পদক্ষেপ লোৱাৰ সম্ভাৱনা নাই । নিশ্চিতভাৱে উত্তৰ কোৰিয়াই অস্ত্ৰবোৰ উন্নীত কৰা অব্যাহত ৰাখিব ।
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় জল সীমাত আমেৰিকা-দক্ষিণ কোৰিয়া-জাপানৰ নৌ-অনুশীলনৰ পাছত ইউএছএছ ৰোনাল্ড ৰেগান আৰু এক যুদ্ধৰ গ্ৰুপ দক্ষিণ কোৰিয়াৰ দক্ষিণ-পূব বন্দৰ বুচানত উপস্থিত হয় । তাৰ পাছতে উত্তৰ কোৰিয়াই এই ভাবুকি প্ৰদান কৰিছে । দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা বিভাগে জনোৱা মতে উত্তৰৰ বৰ্ধিত পাৰমাণৱিক কাৰ্যসূচীৰ প্ৰতিক্ৰিয়া স্বৰূপে শক্তিশালী আমেৰিকাৰ সামৰিক সম্পদৰ অস্থায়ী নিয়োজন বৃদ্ধি কৰাৰ চুক্তিৰ অংশ হিচাপে যুদ্ধ বিমান কঢ়িওৱা বিশেষ জাহাজ ৫ দিনৰ বাবে বুচানত থাকিব ।