ইণ্টাৰনেচনেল ডেস্ক, ৫ অক্টোবৰ :২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা (2022 Nobel prize in Chemistry) । কেৰোলিন বেৰ্টজি, মৰ্টেন মেলডেল আৰু কে বেৰী শ্বাৰ্পলেছক ক্লিক কেমিষ্ট্ৰীত তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই বঁটা ।
ৰয়েল ছুইডিছ একাডেমী অফ ছায়েন্সেছৰ (Royal Swedish Academy of Sciences) ছোক্ৰেটেৰী জেনেৰেল হান্স এলেগ্ৰেনে বুধবাৰে ষ্টকহোমৰ কাৰোলিন্সকা ইনষ্টিটিউটত বঁটা বিজয়ীৰ নাম ঘোষণা কৰে ।
উল্লেখ্য, ২০২২ চনৰ নোবেল শান্তি বঁটা (Nobel Peace Prize) শুকুৰবাৰে আৰু অৰ্থনীতিৰ নোবেল বঁটা ১০ অক্টোবৰত ঘোষণা কৰা হ'ব । বঁটাসমূহত 10 নিযুত ছুইডিছ ক্ৰ'নাৰ (প্ৰায় 900,000 আমেৰিকান ডলাৰ) নগদ ধন প্ৰদান কৰা হয় আৰু এই বঁটা 10 ডিচেম্বৰত প্ৰদান কৰা হ'ব ।