ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ :অৰ্থনৈতিক মন্দাৱস্থাৰ মাজত আছে মাৰ্ক জুকাৰবাৰ্গৰ বিশ্বৰ সৰ্ববৃহৎ ছ'চিয়েল নেটৱৰ্কিং মেটা কোম্পানী (Economic downturn of Meta)। অতি শীঘ্ৰে কোম্পানীটোৰ বহু কৰ্মচাৰীক কৰা হ'ব ছাটাই (More layoffs soon in Meta)। মেটাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে স্পষ্ট কৰি দিছে এই কথা ।
বৰ্তমান নতুন নিযুক্তি নহয় বুলিও মুকলিকৈ কৈছে মাৰ্ক জুকাৰবাৰ্গে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতত প্ৰকাশ পোৱা তথ্য মতে ইতিমধ্যে জুকাৰবাৰ্গে ছ'চিয়েল নেটৱৰ্কিং কোম্পানীটোৰ কৰ্মচাৰীসকলক এই ক্ষেত্ৰত সাৱধান কৰি দিছে আৰু কিছুমান কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থাও লৈছে ।
জুকাৰবাৰ্গে Metaৰ উপাৰ্জনৰ বিষয়ে উল্লেখ কৰি শেহতীয়াকৈ কৈছে যে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে । কৰ্মচাৰীৰ শক্তি আন ক্ষেত্ৰলৈ স্থানান্তৰ কৰাৰ উদ্দেশ্যে বহুতো কৰ্মচাৰীৰ নিৰ্দিষ্ট দল সংকুচিত কৰিব বুলিও তেওঁ উল্লেখ কৰিছিল । যোৱা মে' মাহত জুকাৰবাৰ্গে Metaৰ কিছুমান খণ্ডত নিযুক্তি বন্ধ ৰখাৰ ঘোষণা কৰিছিল আৰু বৰ্তমান এই ধাৰা অব্যাহত আছে (No hiring in Meta)।