ইণ্টাৰনেশ্যনেল ডেস্ক, 24 জুলাই :ছুডানত সংঘটিত হৈছে এক শোকাৱহ বিমান দুৰ্ঘটনা ৷ বিমান দুৰ্ঘটনাটোৰ ফলত 4 জন সামৰিক জোৱানকে ধৰি 9 জন লোকৰ মৃত্যু হয় ৷ দেওবাৰে সংঘটিত হয় দুৰ্ঘটনাটো ৷ সামাজিক মাধ্যমযোগে দেশখনৰ সেনাৰ সূত্ৰই কয়, "আজি প'ৰ্ট ছুডান বিমানবন্দৰত কাৰিকৰী বিজুতিৰ ফলত এখন অসামৰিক এণ্ট’ন’ভ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত 4 জন সামৰিক জোৱানকে ধৰি 9 জন লোকৰ মৃত্যু হয় । দুৰ্ঘটনাটোত এটি শিশু মৃত্যুমুখৰ পৰা ৰক্ষা পৰে ।"
উল্লেখ্য যে, দেশখনত বিগত 15 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল যুদ্ধ ৷ ইতিমধ্যে 100 টা দিন সম্পূৰ্ণ কৰিলে দেশখনৰ সশস্ত্ৰ সংঘাতে ৷ অৱশ্যে বৰ্তমান পৰ্যন্ত দেশখনলৈ শান্তি ঘূৰায় আনিবলৈ সক্ষম হোৱা নাই মধ্যস্থাতাকাৰী শক্তিবোৰে ৷
উল্লেখ্য যে, 15 এপ্ৰিলত সেনা আৰু অৰ্ধসামৰিক ৰেপিড ছাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত ক্ষমতাৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সময়তে এই যুদ্ধৰ সূচনা হয় । তেতিয়াৰ পৰাই 30 লাখতকৈ অধিক লোকক দেশ এৰি পলাবলৈ বাধ্য কৰোৱা হৈছে ৷ চুবুৰীয়া দেশলৈ পলায়ন কৰা লোকৰ সংখ্যা 7 লাখতকৈ অধিক বুলি জানিবলৈ পৰা গৈছে । স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি, 1136 জন লোকৰ মৃত্যু হৈছে যদিও বিষয়াসকলে এই সংখ্যা অধিক হ’ব বুলি দাবী কৰে ।