অসম

assam

ETV Bharat / international

Argentina loosing to Saudi: আৰ্জেণ্টিনাক সমৰ্থন কৰিবলৈ কাটাৰলৈ যাত্ৰা কৰিব 13 বছৰীয়া নিব্ৰাছে - জনপ্ৰিয় তাৰকা খেলুৱৈ মেছি

আৰ্জেণ্টিনা পৰাজয় কৰাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেমেৰাত কান্দি কান্দি নিব্ৰাছ নামৰ এজন 13 বছৰীয়া কিশোৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এটি ভিডিঅ’ প্ৰকাশ হৈছিল ৷ পিছে এতিয়া এই ভিডিঅ’ই যেন ভাগ্য উদয় কৰিলে নিব্ৰাছৰ (Nibras will fly to Qatar) ৷

Nibras will fly to Qatar to happily cheer his favourite team
Argentina loosing to Saudi: আৰ্জেণ্টিনাক সমৰ্থন কৰিবলৈ কাটাৰলৈ যাত্ৰা কৰিব 13 বছৰীয়া নিব্ৰাছে

By

Published : Nov 29, 2022, 6:29 PM IST

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ:বিশ্বজুৰি ফিফা বিশ্বকাপ 2022ৰ জ্বৰ (Fifa World Cup 2022)৷ এগৰাকী খেলুৱৈ অথবা এটা বিশেষ দল কিমান প্ৰিয় হ’লে পৰাজয়ত এগৰাকী অনুৰাগীয়ে কান্দিব পাৰে ৷ কাটাৰত অনুষ্ঠিত হৈ থকা ফিফা বিশ্বকাপ 2022ত শেহতীয়াকৈ চৌদি আৰৱ আৰু আৰ্জেন্টিনাৰ মাজত হৈ যোৱা খেলখনত আৰ্জেন্টিনাই পৰাজয় বৰণ কৰিছিল (Argentina loosing to Saudi)৷ এই খেলখনত আৰ্জেণ্টিনাৰ মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় তাৰকা খেলুৱৈ মেছি ৷

আৰ্জেণ্টিনাক সমৰ্থন কৰিবলৈ কাটাৰলৈ যাত্ৰা কৰিব 13 বছৰীয়া নিব্ৰাছে

এই খেলখনে বহুতো আৰ্জেন্টিনা দলৰ অনুৰাগীৰ হৃদয় ভঙাৰ লগতে বিশেষকৈ মেছিৰ অনুৰাগীসকলক বাৰুকৈয়ে আঘাত কৰিছিল ৷ ইয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছিল এজন মেছি অনুৰাগী কিশোৰৰ ভিডিঅ’ ৷ আৰ্জেণ্টিনাৰ পৰাজয়ৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেমেৰাত কান্দি কান্দি নিব্ৰাছ নামৰ এজন 13 বছৰীয়া কিশোৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এটি ভিডিঅ’ প্ৰকাশ হৈছিল ৷ ভিডিঅ’টোত নিব্ৰাছে বহত কষ্ট কৰি নিজৰ চকুৰ পানী ৰখাব চেষ্টা কৰিছিল যদিও কেমেৰাৰ সন্মুখতে হুকহুকাই কান্দিছিল ৷

"আৰু খেল আছে, আমি জিকিম । মেছিয়ে হেট্ৰিক অৰ্জন কৰিব ৷" এইদৰে মন্তব্য কৰি সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল নিব্ৰাছে ৷ নিব্ৰাছে দলটোৰ লগতে প্ৰিয় খেলুৱৈগৰাকীৰ প্ৰতি থকা বিশ্বাসত অটল আছিল আৰু নকন্দাকৈ থাকিবলৈ কঠোৰ চেষ্টা কৰিছিল ৷

প্ৰথমে এই ভিডিঅ’টোৰ বাবে বহু লোকে নিব্ৰাছক ট্ৰ’ল কৰিছিল যদিও কিছু লোকে নিব্ৰাছৰ ফুটবলৰ প্ৰতি থকা প্ৰেম দেখি প্ৰশংসাত পঞ্চমুখ হৈছিল ৷ পিছে এতিয়া এই ভিডিঅ’ই যেন ভাগ্য উদয় কৰিলে নিব্ৰাছৰ ৷

নিব্ৰাছৰ ভাইৰেল ভিডিঅ’টো শেহতীয়াকৈ এক ট্ৰেভেল এজেঞ্চিৰ চকুত পৰিছিল ৷ পায়ান্নুৰস্থিত ভ্ৰমণ সংস্থা স্মাৰ্ট ট্ৰেভেলে এই ভিডিঅ’ দেখি আপ্লুত হয় ৷ প্ৰথমে তেওঁলোকে নিব্ৰাছৰ ভিডিঅ’টো কোনো কাৰণ নোহোৱাকৈ প্ৰশংসা কৰিছিল যদিও তেওঁলোকে পিছলৈ নিব্ৰাছৰ বাবে এক পৰিকল্পনা কৰাৰ কথা চিন্তা কৰিলে ৷

এই পৰিকল্পনা অনুসৰি ভ্ৰমণ সংস্থাটোৱে নিব্ৰাছক কাটাৰলৈ লৈ গৈ পৰৱৰ্তী আৰ্জেণ্টিনাৰ খেলৰ লগতে মেছিক স্বচক্ষুৰে চাই আহিবলৈ ব্যৱস্থা কৰি দিয়াৰ কথা জানিবলৈ দিয়ে ৷ আনকি সংস্থাটোৱে নিব্ৰাছক তেওঁৰ ফুটবল আইকন মেছিৰ লগতে আৰ্জেণ্টিনাৰ আন খেলুৱৈসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ দিয়াৰ ব্যৱস্থাও কৰিছে (Nibras will fly to Qatar )।

এই সন্দৰ্ভত স্মাৰ্ট ট্ৰেভেলৰ আশিক নামৰ লোকজনে কয়, "প্ৰথমে মই নিব্ৰাছক ফুটবল আৰু আৰ্জেণ্টিনা দলৰ প্ৰতি তেওঁৰ প্ৰকৃত প্ৰেমৰ বাবে কেৱল এক বিশেষ উপহাৰ দিয়াৰ কথা ভাবিছিলো । যেতিয়া মই আমাৰ শীৰ্ষ বিষয়াক পৰিকল্পনাটোৰ বিষয়ে অৱগত কৰিছিলো, তেওঁ মোক পৰৱৰ্তী আৰ্জেণ্টিনাৰ খেলখন চাবলৈ নিব্ৰাছৰ কাটাৰ ভ্ৰমণৰ ব্যৱস্থা কৰিবলৈ আৰু লগতে মেছি আৰু আৰ্জেণ্টিনাৰ আন খেলুৱৈসকলক চাবলৈ সুযোগ দিয়াৰ ব্যৱস্থা কৰিবলৈ কৈছিল (Nibras will meet football icon Messi)৷"

এই খবৰ পোৱাৰ লগে লগে আনন্দত আত্মহাৰা হৈ পৰে নিব্ৰাছ ৷ ভ্ৰমণ সংস্থাটোৰ আমন্ত্ৰণ ক্ৰমে প্ৰথমে নিব্ৰাছে সংস্থাটোৰ কাৰ্যালয়লৈ যায় ৷ প্ৰিয় দলটোৰ লগত প্ৰিয় খেলুৱৈজনক লগ পোৱাৰ হেঁপাহত নিব্ৰাছে কয়, "তেওঁলোকে মোক প্ৰথমে তেওঁলোকৰ কাৰ্যালয়লৈ মাতিছিল আৰু কৈছিল যে তেওঁলোকে মোক এটা বিশেষ উপহাৰ দিব বিচাৰে ৷ যেতিয়া মই তালৈ গৈছিলো, তেওঁলোকে মোক এই সু খবৰটো কৈছিল ৷ মই এই খবৰটো পায় অতিশয় আনন্দিত হৈছো ৷"

সম্প্ৰতি নিব্ৰাছে পৰৱৰ্তী আৰ্জেণ্টিনাৰ খেলখন চাবলৈ আৰু বিশ্বকাপত আৰ্জেণ্টিনাৰ অনুৰাগী হৈ কেৰালাৰ পৰা প্ৰতিনিধিত্ব কৰিবৈল কাটাৰলৈ উৰা মাৰিবলৈ সাজু হৈছে ৷ যদি আৰ্জেণ্টিনাই ফাইনেলত উপনীত হ'বলৈ সক্ষম হয় আৰু আকাংক্ষিত ট্ৰফী জিকিবলৈ সক্ষম হয়, তেন্তে নিব্ৰাছে দলটোক উৎসাহিত কৰিবলৈ উপস্থিত থাকিব ৷ কিন্তু এইবাৰ দুখৰ অশ্ৰুৰে নহয় হাঁহিৰ অশ্ৰুৰে ৷

লগতে পঢ়ক:FIFA World Cup 2022 : এইবাৰ বিশ্বকাপৰ খেলপথাৰত উৰিল প্ৰতিবাদকাৰীৰ পতাকা

ABOUT THE AUTHOR

...view details