নিউজ ডেস্ক, 11 মাৰ্চ :আমেৰিকাৰ ৰাষ্ট্ৰপতি জো' বিডেনৰ(Joe Biden US President) সিদ্ধান্ত, নীলা আৰু বগা হৈ থাকিব নিউ এয়াৰ ফৰ্চ ৱান ৷ নিউ এয়াৰ ফৰ্চ ৱানৰ বাহিৰৰ অংশ নীলা আৰু বগা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে, যাৰ প্ৰথমখন বিমান আগন্তুক চাৰি বছৰৰ ভিতৰত লাভ কৰিব আমেৰিকাই ৷ শুকুৰবাৰে সন্ধিয়া যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই উল্লেখ কৰে যে, ৰাষ্ট্ৰপতিক পৰিবহণ কৰা পৰিৱৰ্তিত 747 বিমানৰ নতুন মডেলৰ পাতল নীলা ৰং বৰ্তমান ব্যৱহৃত বিমানখনৰ সংস্কৰণৰ তুলনাত অলপ গাঢ় আৰু অত্যাধুনিক হ'ব ।
বয়িঙে নিজৰ ৭৪৭-৮০০ বিমানৰ দুখনকৈ বিমান পুনঃনিৰ্মাণ কৰিছে যিয়ে ৰাষ্ট্ৰপতি বিমানত থকাৰ সময়ত এয়াৰ ফৰ্চ ৱান কল চাইন ব্যৱহাৰ কৰিব পাৰিব ৷ বৰ্তমান ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা দুখন পুৰণি বয়িং(Boeing Airplanes) 747-200 বিমানৰ ঠাই ল’ব নতুন মডেলৰ এই বিমানে ৷ বিমানখনৰ বাহিৰৰ ৰং বাছনি কৰা সিদ্ধান্ত প্ৰশাসনে ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ(Donald Trump) অনুকূল ৰঙা-বগা-নীলা ৰঙৰ ডিজাইন বাতিল কৰাৰ পিছতেই লোৱা হৈছে ।
বায়ুসেনাৰ এক পৰ্যালোচনাত কোৱা হৈছে যে গাঢ় ৰঙে খৰচ বৃদ্ধি কৰিব আৰু নতুন জাম্বো জেট বিমানৰ ডেলিভাৰীত পলম ঘটাব । 2018 চনত ট্ৰাম্পে নিৰ্দেশ দিছিল যে, নতুন জেট বিমানত কেনেডী যুগৰ নীলা আৰু বগা ৰঙৰ ডিজাইনক বগা আৰু নেভী ৰঙৰ বিমান পৰিযোজনাৰ ৰূপত দেখুৱাবৰ বাবে ৷ বিমানখনৰ ওপৰৰ অংশ বগা হোৱাৰ লগতে পেটকে ধৰি তলৰ অংশটো গাঢ় নীলা হ'লহেঁতেন । ককপিটৰ পৰা পিছৰ অংশলৈকে গাঢ় ৰঙা ৰঙৰ এডাল ৰেখা দেখা গ'লহেতেন ।