ইণ্টাৰনেশ্যনেল ডেস্ক, 29 মে’ : দেওবাৰে পুৱা প্ৰায় 18 গৰাকী যাত্ৰীক কঢ়িয়াই নিয়া নেপালৰ এখন বিমান সন্ধানহীন হৈ পৰে ৷ এই বিমানখনত আছিল 4 গৰাকী ভাৰতীয় যাত্ৰী(Nepal aircraft with four indian passengers goes missing) ৷ বিমানখন মুস্তাং জিলাৰ জোমছমৰ আকাশৰে যাত্ৰা কৰিছিল ৷ ইয়াৰ পিছত মাউণ্ট ধৌলাগিৰিলৈ দিশ সলনি কৰাৰ পিছতে আকস্মিকভাৱে সন্ধানহীন হৈ পৰা বুলি এক সূত্ৰই সদৰি কৰিছে ৷
বিমানখনে উৰা মৰাৰ পিছতে প্ৰায় 9.55 বজাত বিমানবন্দৰ কৰ্তৃপক্ষই সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ বিমানখন অন্যান্য কৰ্মচাৰী সহ মুঠ 22 গৰাকী লোক থকাৰ কথা জানিব পৰা গৈছে ৷ অন্যান্য যাত্ৰীসকলৰ ভিতৰত 3 গৰাকী জাপানৰ, 4 গৰাকী ভাৰতৰ আৰু বাকীসকল নেপালৰ আছিল ৷