ইণ্টাৰনেশ্যনেল ডেস্ক,৪ জানুৱাৰী :ম্যানমাৰৰ সামৰিক বাহিনীৰ সৈতে বিভিন্ন জাতিগত সংখ্যালঘু সশস্ত্ৰ সংগঠনৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে এটা সংগঠনে বুধবাৰে সামৰিক বাহিনীৰ এখন হেলিকপ্টাৰত আক্ৰমণ কৰে । কাচিন ইণ্ডিপেণ্ডেন্স আৰ্মীৰ মুখপাত্ৰ কৰ্ণেল নাও বুৱে সংবাদ মাধ্যমক জনোৱা মতে ৰাজ্যখনৰ ৰাজধানী মাইটকিনা টাউনশ্বিপত থকা ঘাটিলৈ উভতি যোৱাৰ মুহূৰ্তত হেলিকপ্টাৰখনত গুলীবৰ্ষণ কৰা হৈছিল ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি হেলিকপ্টাৰখনত থকা ৬ গৰাকী সেনা নিহত হৈছে আৰু এগৰাকী সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে । কিন্তু আন এক প্ৰতিবেদন অনুসৰি এই আক্ৰমণত আটাইকেইজনৰে মৃত্যু হৈছে । এক সংবাদ মাধ্যমে দুৰ্ঘটনাস্থলীৰ পৰা সামৰিক পোছাক পৰিধান কৰা মৃতদেহৰ ফটোও প্ৰকাশ কৰিছে ।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত অং চান চু কীৰ নিৰ্বাচিত চৰকাৰৰ পৰা ক্ষমতা দখল কৰি ক্ষমতালৈ অহা ম্যানমাৰৰ সামৰিক বাহিনীয়ে অধিক স্বায়ত্ত্ব শাসন বিচাৰি সশস্ত্ৰ জাতিগত সংখ্যালঘু সংগঠনৰ সৈতে সম্পৰ্কিত গণতন্ত্ৰ পন্থী প্ৰতিৰোধ শক্তিৰ সৈতে যুঁজ দি আহিছে । অৱশ্যে হেলিকপ্টাৰক আক্ৰমণ সম্পৰ্কে সামৰিক চৰকাৰৰ পৰা তাৎক্ষণিকভাৱে কোনো তথ্য পোৱা হোৱা নাই । কাচিন হিউমেন ৰাইটচ ৱাচৰ এগৰাকী মুখপাত্ৰই হেলিকপ্টাৰ দুৰ্ঘটনাৰ কথা নিশ্চিত কৰিছে ।