অসম

assam

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 1:13 PM IST

ETV Bharat / international

দেশজুৰি সমন্বিত আক্ৰমণত খোপনি হেৰুৱাইছে ম্যানমাৰ সেনাই

সামৰিক বাহিনীৰ দ্বাৰা পৰিচালিত ম্যানমাৰ চৰকাৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে পিছপৰি আহিছে । যাৰ ফলত সেনা নায়কসকলক উৎখাত কৰা আৰু দেশখনৰ ৰাজনৈতিক পৰিস্থিতি সলনি কৰাৰ সুযোগৰ অপেক্ষাত থকা বিৰোধীয়ে আশাৰ ৰেঙনি দেখিছে । আনহাতে, আন্তৰ্জাতিক বিশেষজ্ঞসকলে ইয়াক শাসকীয় সামৰিক বাহিনীৰ বাবে আটাইতকৈ কঠিন মুহূৰ্ত বুলি উল্লেখ কৰিছে । তিনি বছৰ পূৰ্বে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আং ছান ছু কী চৰকাৰক উৎখাত কৰিছিল সামৰিক বাহিনীয়ে ।

Myanmar Military losing ground
দেশজুৰি সমন্বিত আক্ৰমণত খোপনি হেৰুৱাইছে ম্যানমাৰ সেনাই

ইণ্টাৰনেচনেল ডেস্ক, ১ ডিচেম্বৰ : ম্যানমাৰৰ সামৰিক বাহিনীৰ বিৰুদ্ধে বিৰোধীৰ আক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে । দেশখনৰ উত্তৰ-পূবৰ জাতিগত সংখ্যালঘুসকলৰ তিনিটা বিদ্ৰোহী সংগঠনৰ মিত্ৰজোঁটে ম্যানমাৰৰ সামৰিক পৰিচালিত চৰকাৰৰ বিৰুদ্ধে এক ডাঙৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে । যাৰ ফলত দেশজুৰি প্ৰতিৰোধী শক্তিয়ে নতুন আক্ৰমণ আৰম্ভ কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে ।

ম্যানমাৰৰ সামৰিক বাহিনী প্ৰায় প্ৰতিটো ক্ষেত্ৰতে পিছপৰি ৰৈছে । ইয়াৰ লগে লগে বিৰোধীসকলৰ মাজত এই আশা বৃদ্ধি পাইছে যে প্ৰায় তিনি বছৰ পূৰ্বে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আং ছান ছু কীক উৎখাত কৰা সেনা নায়কসকলক উৎখাত কৰাৰ সংগ্ৰামৰ এইটো এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে ।

২৭ অক্টোবৰত আক্ৰমণ আৰম্ভ কৰা থ্ৰী ব্ৰাদাৰহুড এলায়েন্স নামেৰে জনাজাত তিনিটা বিদ্ৰোহী সংগঠনৰ ভিতৰত ম্যানমাৰ নেচনেল ডেমোক্ৰেটিক এলায়েন্স আৰ্মী চমুকৈ এমএনডিএ এৰ মুখপাত্ৰ লে কিয়াৰ উইনে কয় যে এই অভিযান ম্যানমাৰৰ ৰাজনৈতিক পৰিস্থিতি সলনি কৰাৰ এক উত্তম সুযোগ ।

অপাৰেচন ১০২৭ নামৰ এই আক্ৰমণত সামৰিক বাহিনীয়ে ১৮০ টাতকৈও অধিক আউটপোষ্ট আৰু শক্তিশালী স্থান হেৰুৱাইছে । ইয়াৰ ভিতৰত আছে চাৰিটা মুখ্য ঘাটি আৰু চীনৰ সৈতে চাৰিটা অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ সীমান্ত চকী । আনহাতে, দুয়োপক্ষই দাবী কৰি যে তেওঁলোকে ইটোৱে সিটোৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছে । কিন্তু হতাহতৰ সঠিক পৰিসংখ্যা লাভ কৰা হোৱা নাই । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, বৰ্তমানৰ যুদ্ধৰ ফলত প্ৰায় ৩,৩৫,০০০ অসামৰিক লোক গৃহহীন হৈছে । ইয়াৰ ফলত সমগ্ৰ দেশজুৰি মুঠ ২০ লাখতকৈও অধিক লোক গৃহহীন হৈছে ।

আন্তৰ্জাতিক সংকট গোটৰ ম্যানমাৰ বিশেষজ্ঞ ৰিচাৰ্ড হৰ্চিয়ে কয়, "শাসন ক্ষমতাৰ বাবে সামৰিক অভ্যুত্থানৰ প্ৰাৰম্ভিক দিনবোৰৰ পৰা এতিয়ালৈকে সামৰিক বাহিনীয়ে সন্মুখীন হোৱা আটাইতকৈ কঠিন মুহূৰ্ত ।" সামৰিক বাহিনীৰ বাবে জটিল বিষয় হৈছে চীনৰ থ্ৰী ব্ৰাদাৰহুড এলায়েন্সৰ প্ৰতি স্পষ্ট নীৰৱ সমৰ্থন ।

উল্লেখ্য যে তাতমাদাও নামেৰে জনাজাত সামৰিক বাহিনীটো প্ৰতিৰোধ বাহিনীতকৈ বহুত ডাঙৰ আৰু উন্নত প্ৰশিক্ষণেৰে প্ৰশিক্ষিত । ইয়াৰ উপৰি বিভিন্ন জাতিগত সংখ্যালঘু গোটৰ দ্বাৰা গঠিত লঘু অস্ত্ৰৰে সজ্জিত বিদ্ৰোহী গোটৰ বিৰুদ্ধে যুঁজিবলৈ অধিক সশস্ত্ৰ, আনকি বায়ুশক্তি আৰু নৌ-সম্পদো যথেষ্ট আছে । কিন্তু বিদ্ৰোহী গোটৰ অপ্ৰত্যাশিতভাৱে হোৱা দ্ৰুত আক্ৰমণ আৰু ব্যাপক লোকচানৰ লগতে অত্যধিক প্ৰসাৰিত শক্তিৰ বাবে একাধিক সৈন্যই আত্মসমৰ্পণ তথা দলত্যাগ কৰাৰ ফলত মনোবল হ্ৰাস পাইছে । যাৰ ফলত বিৰোধীৰ মাজত প্ৰবল আশা জাগিছে ।

লগতে পঢ়ক :মধ্যপ্ৰাচ্যত সন্ত্ৰাসবাদক সমৰ্থনৰ বাবে ইৰাণলৈ পুঁজি যোগান বন্ধ কৰিব আমেৰিকাই

ABOUT THE AUTHOR

...view details