নিউজ ডেস্ক, 19 আগষ্ট: ম্যানমাৰত বন্দী হৈ থকা এজন জাপানী সাংবাদিকৰ বিৰুদ্ধে অভিবাসন আইন উলংঘা কৰা (Breaching immigration law) আৰু সেনাৰ বিৰুদ্ধে মতানৈক্যক উৎসাহিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বুলি শাসকীয় জুন্টাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে (Japanese citizen filmmaker Toru Kubota charged by Myanmar Military Junta) । যোৱা বছৰৰ পৰা ম্যানমাৰৰ সেনাই সংবাদ মাধ্যমৰ স্বাধীনতাক দমন কৰি সাংবাদিক আৰু ফটোগ্ৰাফাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে দেশখন বিশৃংখলতাত ডুব যোৱাৰ লগে লগে সংবাদ সম্প্ৰচাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে ।
যোৱা সপ্তাহত য়াংগনত হোৱা প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে বন্দী হৈ থকা টৰু কুবোটাক “505 (A) ধাৰা আৰু অভিবাসন আইন 13-1 ৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে” বুলি জুন্টাই এক বিবৃতিত কয় (Myanmar junta charges Japanese journalist)। 505 (A) সামৰিক বাহিনীৰ বিৰুদ্ধে মতানৈক্যক উৎসাহিত কৰাটোক অপৰাধমূলক বুলি গণ্য কৰা হয় আৰু তিনিবছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে । অভিবাসন আইন 13-1 উলংঘা কৰিলে সৰ্বোচ্চ পাঁচ বছৰৰ কাৰাদণ্ড হ’ব পাৰে ।
য়াংগনত চৰকাৰ বিৰোধী সমাৱেশৰ সমীপত ম্যানমাৰৰ দুগৰাকী নাগৰিকৰ সৈতে আটক কৰা হৈছিল ২৬ বছৰীয়া চলচ্চিত্ৰ নিৰ্মাতা কুবোটাক । অভিযোগ দাখিল কৰাৰ পিছত তেওঁক আৰক্ষীৰ জিম্মাত য়াংগনৰ ইনচেইন কাৰাগাৰলৈ বদলি কৰা হয় বুলি এক নিৰাপত্তা সূত্ৰই জনায় । তেওঁৰ স্বাস্থ্য ভালে আছে আৰু দূতাবাসৰ বিষয়াসকলে ইতিমধ্যে তেওঁক আটক কৰা থানাত তেওঁক সাক্ষাৎ কৰিছে বুলিও সূত্ৰটোত প্ৰকাশ (Myanmar junta charges Japanese journalist with encouraging dissent) ৷
ফিল্ম ফ্ৰীৱেৰ এটা প্ৰফাইল অনুসৰি কুবোটাই ইয়াৰ পূৰ্বে ম্যানমাৰৰ মুছলমান ৰোহিংগীয়া সংখ্যালঘু আৰু "ম্যানমাৰৰ শৰণাৰ্থী আৰু জনগোষ্ঠীয় সমস্যা"ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল । বুধবাৰে টকিঅ’ত এখন সংবাদমেলত তেওঁৰ বন্ধু যোছিটাকা নিটাই কয় যে, 14 জুলাইত ম্যানমাৰত উপস্থিত হৈছিল কুবোটাই ম্যানমাৰৰ এজন ব্যক্তিক লৈ এখন তথ্যচিত্ৰৰ চিত্ৰগ্ৰহণ কৰি আছিল (Japanese citizen filmmaker Toru Kubota)।
আমেৰিকাৰ নাগৰিক নাথান মাউং আৰু ডেনি ফেনষ্টাৰ, পোলেণ্ডৰ ৰবাৰ্ট বচিয়াগা আৰু জাপানৰ ইউকি কিটাজুমিৰ পিছত তেওঁ ম্যানমাৰত আটক কৰা পঞ্চমজন বিদেশী সাংবাদিক ৷ বাকীসকলক পিছত মুক্ত কৰি বিতাড়িত কৰা হয় । যোৱা বছৰৰ মে’ মাহত দেশ এৰি যাবলৈ চেষ্টা কৰাৰ সময়ত বন্দী হৈ থকা ফেনষ্টাৰে ইনচেইনৰ ভিতৰত অবৈধ সংযোগ, সামৰিক বাহিনীৰ বিৰুদ্ধে উচটনি দিয়া আৰু ভিছাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন হৈছিল ৷ বিতাড়ন কৰাৰ পূৰ্বে তেওঁক 14 বছৰৰ কাৰাদণ্ড বিহা হৈছিল ।
সাংবাদিকৰ বিৰুদ্ধে যুদ্ধ :