ইণ্টাৰনেচনেল ডেস্ক, ১৯ আগষ্ট :পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ পত্নী বুশ্ৰা বিবিয়ে কাৰাগাৰত বন্দী তেওঁৰ স্বামীৰ নিৰাপত্তা আৰু সুৰক্ষা সম্পৰ্কে উদ্বেগ ব্যক্ত কৰিছে । তেওঁ কয় যে এটক কাৰাগাৰত তেওঁক বিষা দিব পাৰে । পঞ্জাব প্ৰদেশৰ গৃহ সচিবলৈ লিখা এখন পত্ৰত বুশ্ৰা বিবিয়ে কয় যে আদালতে সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁৰ স্বামীক ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে । জিঅ' নিউজৰ সূত্ৰত প্ৰকাশ ।
"মোৰ স্বামীক কোনো যুক্তি অবিহনে এটক কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । আইন অনুসৰি মোৰ স্বামীক আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰ কৰা উচিত ।" তেওঁ লগতে কয় । উল্লেখ্য যে ২০১৮-২২ বৰ্ষৰ কাৰ্যকালত বিদেশী গণ্যমান্য ব্যক্তিসকলৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে লাভ কৰা ৰাষ্ট্ৰীয় উপহাৰ বিক্ৰী সম্পৰ্কীয় তশখানা গোচৰত আদালতে তেওঁক তিনি বছৰৰ কাৰাদণ্ড বিহাৰ পিছত চলিত মাহৰ আৰম্ভণিতে পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) অধ্যক্ষগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।
ফলস্বৰূপে তেওঁক পাঁচ বছৰৰ বাবে ৰাজনীতিৰ পৰাও বাৰণ কৰা হৈছে । জিঅ' নিউজৰ বাতৰি অনুসৰি, পত্ৰখনত বহিষ্কৃত প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নীয়ে পিটিআইৰ মুৰব্বীগৰাকীক তেওঁৰ সামাজিক আৰু ৰাজনৈতিক মৰ্যাদাৰ বাবে কাৰাগাৰত বি শ্ৰেণীৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছে । কিয়নো তেওঁ এজন 'অক্সফোৰ্ড স্নাতক আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক' । তেওঁ কৈছে যে এনে ধৰণৰ সুবিধা এটক কাৰাগাৰত উপলব্ধ নহয়, যিটো তেওঁৰ স্বামীৰ প্ৰাপ্ত অধিকাৰ ।
বুশ্ৰাই লগতে কয় যে অতীজত খানৰ জীৱনত দুটাকৈ হত্যাৰ চেষ্টা কৰা হৈছিল আৰু জড়িত অভিযুক্তসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই । "তেওঁৰ (খান) জীৱন এতিয়াও বিপদত আছে (আৰু) মোৰ স্বামীক এটক কাৰাগাৰত বিষাক্ত পদাৰ্থ দিয়াৰ আশংকা আছে ।" তেওঁ পত্ৰখনত উল্লেখ কৰিছে । তেওঁ কয় যে দেশৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ বাবে তেওঁৰ স্বামীক কাৰাগাৰত ঘৰত ৰন্ধা খাদ্য খাবলৈ দিয়া উচিত ।
লগতে পঢ়ক :UK Nurse killed babies injecting insulin : সাতটা কেঁচুৱাক হত্যা; দোষী সাব্যস্ত হ’ল লুচি লেটবি