নিউজ ডেস্ক, 10 মাৰ্চ: উত্তৰ জাৰ্মানীৰ হামবাৰ্গ চহৰত বৃহস্পতিবাৰে সন্ধিয়া এটা অট্টালিকাৰ ভিতৰত গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ জেহোৱাৰ সাক্ষীসকলে ব্যৱহাৰ কৰা অট্টালিকাটোত সংঘটিত এই গুলীচালনাৰ ঘটনাত কেবাজনো লোক নিহত আৰু আহত হয় বুলি আৰক্ষীয়ে জনায় । জাৰ্মানীৰ দ্বিতীয় বৃহত্তম চহৰখনৰ গ্ৰছ বৰ্ষ্টেল জিলাত সংঘটিত হোৱা গুলীচালনাৰ বিষয়ে আৰক্ষীৰ মুখপাত্ৰ হোলগাৰ ভেহৰেনে কয় যে, আমি মাত্ৰ জানো যে ইয়াত কেইবাজনো লোকৰ মৃত্যু হৈছে; কেইবাজনো লোক আহত হৈছে, তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।’’ (Germany gun shooting)
আহতসকলৰ আঘাতৰ ভয়াৱহতাৰ কোনো তথ্য তেওঁৰ হাতত নাই বুলিও তেওঁ কয় আৰক্ষী বিষয়াগৰাকীয়ে । কোনো সূত্ৰৰ নাম উল্লেখ নকৰা জাৰ্মান সংবাদ মাধ্যমে ছয়-সাতজনৰ মৃত্যু হোৱা বুলি সম্প্ৰচাৰ কৰা বাতৰিক নিশ্চিত কৰা নাই আৰক্ষীয়ে । গুলীচালনাৰ ঘটনাটো ঘটিছিল এখন অটো মেৰামতি কৰা দোকানৰ কাষতে থকা এটা আধুনিক আৰু বক্সী তিনিমহলীয়া অট্টালিকা, জিহোৱাৰ সাক্ষী কিংডম হলত ।
ভেহৰেনে কয় যে, আৰক্ষীক গুলীচালনাৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছিল নিশা প্ৰায় ৯:১৫ বজাত ৷ খবৰ পায়েই আৰক্ষী ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈছিল । তেওঁ কয় যে, বিষয়াসকলে আহি তলৰ মহলাত গুলীৰ আঘাতত আহত হোৱা লোকক পোৱাৰ পিচত ওপৰৰ মহলাৰ পৰা গুলীৰ শব্দ শুনা পায় ৷ ওপৰৰ মহলাত এজন গুৰুতৰভাৱে আহত ব্যক্তিক উদ্ধাৰ কৰে যিজন হয়তো গুলীচালনাকাৰী আছিল । তেওঁ কয় যে, আৰক্ষীয়ে তেওঁলোকৰ আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিবলগীয়া নহ’ল (German Hamburg Church shootout)।
ভেহৰেনে আৰু কয় যে, গুলীচালনাকাৰী পলায়ন কৰাৰ কোনো ইংগিত পোৱা নাই ৷ অপৰাধীজন হয়তো অট্টালিকাটোত নহ’লে মৃতকৰ মাজত থকাৰ সম্ভাৱনা দেখা গৈছে । শুকুৰবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে কয় যে, তেওঁলোকে এতিয়াও পৰীক্ষা কৰি আছে যে ইয়াৰ লগত আৰু কোনো অপৰাধী জড়িত ।