ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ অক্টোবৰ :আমেৰিকাৰ দক্ষিণ লুইজিয়ানাত বনজুইৰ ধোঁৱা আৰু ঘন কুঁৱলীৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । সাধাৰণ জীৱন যাত্ৰাত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে । ইফালে ঘন কুঁৱলীৰ ফলত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে । ইয়াৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । সোমবাৰে হোৱা ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰায় ৭ গৰাকী লোকৰ মৃত্যু হয় ।
লুইজিয়ানা ৰাজ্যিক আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাটোত ২৫ জন লোক আঘাতপ্ৰাপ্ত হৈছ আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে । ইফালে প্ৰকাশ পোৱা দুৰ্ঘটনাৰ ফটো আৰু ভিডিঅ'বোৰে সকলোকে বিচলিত কৰি তুলিছে । হ্ৰদৰ ওপৰত থকা দলং এখনত একেলগে জ্বলি ছাৰখাৰ বহু বাহন । আন্তঃৰাজ্যিক ৫৫ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা । জানিব পৰা মতে ঘন কুঁৱলীৰ বাবে বাহনবোৰে ইখনে সিখনত খুন্দা মাৰিছিল । ফলস্বৰূপে বহু বাহন একেলগে দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাৰ পাছত বহনবোৰ জুই লাগে আৰু সেই জুইয়ে একেলগে ২০ খনৰো অধিক বাহন ক্ষতিগ্ৰস্ত কৰে ।