ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ জুন :উত্তৰ-মধ্য নাইজেৰিয়াত শোকাৱহ নাও দুৰ্ঘটনা । দুৰ্ঘটনাটোত ১০৮ গৰাকী যাত্ৰীৰ সলিল সমাধি হোৱাৰ খবৰ পোৱা গৈছে । নাওখনৰ অন্যান্য যাত্ৰী আৰু স্থানীয় প্ৰশাসনৰ মতে পানীত ডুব যোৱা লোকসকলৰ ভিতৰত বেছিভাগেই আছিল মহিলা আৰু সন্তান । জানিব পৰা মতে কাঠৰ নাওখন কোৱাৰা ৰাজ্যৰ নাইজাৰ নদীত ২৫০তকৈও অধিক যাত্ৰী লৈ গৈ আছিল । নাওখনত বিবাহ যাত্ৰী আছিল । বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ গৈ আছিল লোকসকল । নিশা নাওখনেৰে লোকসকলে যাত্ৰা কৰি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় । কাঠৰ টুকুৰাত খুন্দা মৰাৰ পাছতে নাওখন দুটা ভাগত বিভক্ত হয় ।
দুৰ্ঘটনাটোত কোনোমতে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হোৱা এজন লোকে জনোৱা মতে তেওঁলোকে একাংশ কণ কণ ল'ৰা-ছোৱালীক উদ্ধাৰ কৰিছে । কিন্তু একাংশ মহিলাই তেওঁলোকৰ সন্তানক এৰি নিদিলে যাৰ বাবে তেওঁলোক পানীত ডুব গ'ল । লোকজনে জনোৱা মতে সেই নাওখনত থকা বেছিভাগ মহিলাৰে সন্তান আছিল । আনহাতে মৃত লোকসকলৰ বেছিভাগেই মহিলা আৰু শিশু । তেওঁ জনোৱা মতে তেওঁলোকে তিনিটা শিশুক উদ্ধাৰ কৰিছিল কিন্তু ৯ টা শিশুৱে মৃত্যুক আঁকোৱালি লয় । তেওঁ লগতে কয় যে গাঁওখনৰ ৰাইজে আবেলি উদ্ধাৰ অভিযান সমাপ্ত কৰে আৰু নিহত লোকসকলক ৰীতি-নীতি অনুসৰি নদীৰ কাষতে সমাধিস্থ কৰা হয় ।