ইন্টাৰনেশ্যনেল ডেস্ক, 12 আগষ্ট : শুকুৰবাৰে নাইজেৰিয়াত সংঘটিত হয় এক অঘটন ৷ নাইজেৰিয়াৰ অন্যতম বৃহৎ চহৰ জাৰিয়াত অৱস্থিত জাৰিয়া চেণ্ট্ৰেল মছজিদত নামাজ পঢ়ি থকা অৱস্থাতে মছজিদৰ এটা অংশ ভাঙি পৰে ৷ ফলত থিতাতে নিহত হয় সাতজন লোক ৷
নাইজেৰিয়াৰ উত্তৰ-পশ্চিম কাডুনা ৰাজ্যৰ বিভাগীয় মূৰব্বীয়ে উল্লেখ কৰা অনুসৰি, অঘটনটো সংঘটিত হোৱাৰ সময়ত জাৰিয়া চেণ্ট্ৰেল মছজিদত নামাজত অংশগ্ৰহণ কৰিছিল 100 ৰো অধিক লোকে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নাইজেৰিয়াতে এক উত্তেজনাই বিৰাজ কৰে ৷
এই ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ ব্যৱৰ্ধানত ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল আৰু আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ জানিব পৰা মতে, এই দুৰ্ঘটনাটোত বহু কেইজন লোক গুৰুতৰভাৱে আহত হয় ৷ সূত্ৰৰ পৰা জানিব পৰা মতে, বাতৰি যুগুত কৰা পৰলৈকে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে 33 জন লোকক অতি গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰায় ৷