অসম

assam

ETV Bharat / international

যুদ্ধবিৰতি চুক্তিৰ অধীনত ইজৰাইলে মুকলি কৰিলে ৩০ পেলেষ্টাইনী বন্দী - Israeli hostages released

হামাছে ৮ ইজৰাইলীক মুকলি কৰাৰ পাছতে ইজৰাইলেও যুদ্ধবিৰতি চুক্তিৰ অধীনত শুকুৰবাৰে পুৱাই ৩০ পেলেষ্টাইনী বন্দীক মুকলি কৰে । দীৰ্ঘদিনৰ অন্তত তেওঁলোকক ওচৰত পাই আনন্দিত বন্দীৰ পৰিয়ালৰ সদস্যসকল । যুদ্ধবিৰতি বৃদ্ধিৰ পোষকতা মধ্যস্থতাকাৰীৰ ।

Israeli hostages released
যুদ্ধবিৰতি চুক্তিৰ অধীনত ইজৰাইলে মুকলি কৰিলে ৩০ পেলেষ্টাইনী বন্দী

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 11:08 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১ ডিচেম্বৰ :ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতিৰ আজি সপ্তম দিন। যুদ্ধবিৰতিৰ চুক্তিৰ অধীনত দুয়োপক্ষই বন্দীসকলক মুকলি কৰাৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে । ইতিমধ্যে ইজৰাইলী সামৰিক বাহিনীয়ে জনোৱা মতে সপ্তম দিনৰ অস্থায়ী যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে বৃহস্পতিবাৰে গাজাত হামাছে বন্দী কৰা ৮ গৰাকীক মুকলি কৰি দিছে । ইয়াৰ বিপৰীতে ইজৰাইলেও শুকুৰবাৰে পুৱতি নিশা যুদ্ধবিৰতি চুক্তিৰ অধীনত ৩০ গৰাকী পেলেষ্টাইনী বন্দীক মুক্ত কৰিছে ।

ইজৰাইলে মুকলি কৰা ৩০ পেলেষ্টাইনী বন্দীক লৈ এখন বাছ পশ্চিম তীৰলৈ ৰাওনা হৈছে আৰু হামাছ প্ৰশাসনে তেওঁলোকক স্বাগতম জনোৱা দেখা গৈছে । গাজা ষ্ট্ৰিপত ৮ সপ্তাহ বন্দী হৈ থকাৰ পাছত হামাছ সন্ত্ৰাসবাদীয়ে ৮ গৰাকী ইজৰাইলী বন্দীক মুকলি কৰাৰ কেইঘণ্টামান পাছতে পেলেষ্টাইনী বন্দী ভৰ্তি বাছখন শুকুৰবাৰে পুৱাই ৰামাল্লা চহৰত উপস্থিত হয় । হামাছৰ সেউজীয়া পতাকা লৈ শ শ লোকে বন্দীসকলক আদৰণি জনাইছে । পৰিয়ালৰ সদস্যই তেওঁলোকক আলিংগন কৰা গৈছে ।

ইফালে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ মাৰাত্মক আক্ৰমণৰ পাছত ইজৰাইলৰ বোমাবর্ষণ আৰু স্থল অভিযানৰ অন্তত আৰম্ভ হোৱা এই যুদ্ধবিৰতি যিমান সম্ভৱ সিমান দিনলৈকে বজাই ৰখাৰ বাবে আন্তৰ্জাতিক চাপো বৃদ্ধি পাইছে। লক্ষণীয়ভাৱে এই যুদ্ধৰ ফলত গাজাত হাজাৰ হাজাৰ পেলেষ্টাইনী নিহত হৈছে আৰু ২.৩ নিযুত জনসংখ্যাৰ তিনি-চতুৰ্থাংশতকৈও অধিক লোক ইতিমধ্যে গৃহহীন হৈ পৰিছে ।

ইফালে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি শুকুৰবাৰে সমাপ্ত হ'ব । কিন্তু আন্তৰ্জাতিক মধ্যস্থতাকাৰীসকলে ইয়াক বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে । লক্ষণীয়ভাৱে যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পাছত হামাছক ধ্বংস কৰাৰ লক্ষ্যৰে ইজৰাইলে পুনৰ যুদ্ধ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

লগতে পঢ়ক :ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি সম্প্ৰসাৰণ, পুনৰ হামাছে মুকলি কৰিলে ৬ ইজৰাইলীক

ABOUT THE AUTHOR

...view details