অসম

assam

By

Published : May 31, 2023, 1:53 PM IST

ETV Bharat / international

Rahul Attacked Modi : মোদীয়ে ভগৱানক বুজাব বিশ্বব্ৰহ্মাণ্ডই কেনেদৰে কাম কৰে; ৰাহুল গান্ধী

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বজ্ঞ বুলি কোৱা মন্তব্যৰ বাবে তীব্ৰ আক্ৰমণ কৰি কয় যে বাস্তৱত প্ৰধানমন্ত্ৰী মোদীৰ শাসনাধিষ্ঠিত বিজেপিয়ে একোৱে নাজানে (Rahul attacked PM Narendra Modi) ।

Rahul Attacked Modi
Rahul Attacked Modi

ইণ্টাৰনেচনেল ডেস্ক, ৩১ মে' : মঙলবাৰে ছান ফ্ৰান্সিস্কোত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত এক নিন্দনীয় মন্তব্য কৰে (Rahul Gandhi snide remark on PM Narendra Modi) । "তেওঁলোকে ভাবে যে তেওঁলোক ভগৱানতকৈও ওপৰত । তেওঁলোকে ভগৱানৰ সৈতে বহি বাৰ্তালাপ কৰিব পাৰে । তাৰ পিছত তেওঁক বুজায় । এইবোৰ কি চলি আছে ? আমাৰ প্ৰধানমন্ত্ৰী হৈছে তেনে এক নমুনা ।" ৰাহুল গান্ধীয়ে কয় (Rahul attacked PM Narendra Modi) ।

"আৰু অৱশ্যেই প্ৰধানমন্ত্ৰী হৈছে তেওঁলোকৰ মাজৰ এজন । যদি আপুনি মোদীক ভগৱানৰ সৈতে বহায় তেন্তে তেওঁক (ভগৱান) বিশ্বব্ৰহ্মাণ্ডই কেনেদৰে কাম কৰে সেয়া বুজাবলৈ আৰম্ভ কৰিব... আৰু ভগৱানে কি সৃষ্টি কৰিছিলোঁ বুলি নিজেই বিভ্ৰান্ত হ'ব । তেওঁলোকে (বিজেপি) বিজ্ঞানীসকলৰ সৈতে কথা পাতিব পাৰে আৰু তেওঁলোকক বিজ্ঞানৰ বিষয়ে বুজাব পাৰে । তেওঁলোকে ইতিহাসৰ বিষয়ে ইতিহাসবিদসকলক বুজাব পাৰে, সেনাক যুদ্ধৰ বিষয়ে বায়ু সেনাক উৰিবলৈ শিকাব পাৰে । কিন্তু প্ৰকৃতাৰ্থত ক'বলৈ গ'লে তেওঁলোকে একোকে নাজানে ।" কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় (Rahul Gandhi US visit) ।

আনহাতে, ভাৰত জোড়ো যাত্ৰা (Rahul Gandhi Bharat Jodo Yatra) সন্দৰ্ভত ৰাহুলে কয় যে তেওঁ এই যাত্ৰা কৰিবলৈ এই কাৰণেই বাধ্য হৈছে যে ৰাজনীতি কৰাৰ সকলো প্ৰণালী (মানুহৰ সৈতে সংযোগ) 'নিয়ন্ত্ৰণ' কৰা হৈছে । সমগ্ৰ ভাৰতে এই মহা পদযাত্ৰাত তেওঁৰ সৈতে খোজকাঢ়িছিল ।

"কেইমাহমান পূৰ্বে আমি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ পদযাত্ৰা আৰম্ভ কৰিছিলোঁ । পদযাত্ৰা কৰি থাকোঁতে আমি অনুভৱ কৰিছিলোঁ যে ৰাজনীতি কৰাৰ বাবে স্বাভাৱিক প্ৰণালীবোৰে (মানুহৰ সৈতে সংযোগ স্থাপন) আৰু কাম কৰা নাই । তেওঁলোকক বিজেপি আৰু আৰএছএছে নিয়ন্ত্ৰণ কৰিছে (Rahil Gandhi slams BJP and RSS) । মানুহক ভাবুকি দিয়া হৈছে আৰু কেন্দ্ৰীয় সংস্থাবোৰক তেওঁলোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে । কোনো প্ৰকাৰে ৰাজনৈতিকভাৱে কাম কৰাটো যথেষ্ট কঠিন হৈ পৰিছে । সেয়েহে আমি ভাৰতৰ দক্ষিণতম মূৰৰ পৰা শ্ৰীনগৰলৈ পদযাত্ৰাৰ সিদ্ধান্ত লৈছিলোঁ ।" আনহাতে, ৰাহুলে কেন্দ্ৰৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰক তেওঁৰ 'ভাৰত জোড়ো যাত্ৰা' বন্ধ কৰিবলৈ সকলো প্ৰকাৰৰ বৃথা চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰে ।

"যেতিয়া আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ, আমি ভাবিছিলোঁ কি হয় চোৱা যাওক । ৫-৬ দিনতে আমি অনুভৱ কৰিছিলোঁ যে হাজাৰ হাজাৰ কিলোমিটাৰ খোজকঢ়াটো সহজ কাম নহয় । মোৰ আঁঠুৰ পুৰণি আঘাত আছিল, যিটো পুনৰ উক দিবলৈ আৰম্ভ কৰিছিল । তেতিয়াই এটা আশ্চৰ্যজনক ঘটনা ঘটে । প্ৰতিদিনে ২৫ কিলোমিটাৰ খোজকঢ়াৰ পিছত মই অনুভৱ কৰিছিলোঁ যে মই একেবাৰে ভাগৰুৱা অনুভৱ কৰা নাই । মোৰ চাৰিওফালে থকা সকলোৱে কৈছিল যে তেওঁলোকেও ভাগৰ অনুভৱ কৰা নাছিল ।" ৰাহুলে এনেদৰে কৈ লগতে কয় যে কেৱল আমি খোজকাঢ়ি থকা নাছিলোঁ, সমগ্ৰ ভাৰতে আমাৰ সৈতে খোজ কাঢ়িছিল ।

উল্লেখ্য, ৱায়ানাডৰ সাংসদ হিচাপে লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতাগৰাকীৰ এইটো হৈছে প্ৰথম বিদেশ ভ্ৰমণ । তেওঁৰ দহদিনীয়া আমেৰিকা ভ্ৰমণত প্ৰবাসী ভাৰতীয় আৰু নেতাসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হ'ব । ইয়াৰ ভিতৰত আছে ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত 'মোহব্বত কি দুকান' (Rahul Gandhis Mohabbat ki Dukaan in San Francisco) ।

লগতে পঢ়ক :Rahul's Address at California University : কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ভাষণত বিজেপি সমৰ্থকৰ ব্যাঘাত

ABOUT THE AUTHOR

...view details