ইণ্টাৰনেচনেল ডেস্ক, ১ ডিচেম্বৰ :বৃহস্পতিবাৰে সংযুক্ত আৰব ৰাষ্ট্ৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণৰ বাবে আৰব ৰাষ্ট্ৰখনত উপস্থিত হৈছে মোদী । ইফালে প্ৰধানমন্ত্ৰী গৈ ডুবাইত উপস্থিত হোৱাৰ পিচতে তেওঁক ডুবাইৰ এখন হোটেলৰ বাহিৰত প্ৰবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায় । লগতে এক সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰে । তেওঁলোকে 'মোদী, মোদী' ধ্বনিৰে প্ৰধানমন্ত্ৰীৰ সমৰ্থনত শ্ল’গান দিয়াও শুনা যায় ।
আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে হোটেলৰ বাহিৰত উপস্থিত হোৱা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে কৰমৰ্দন কৰাও দেখা যায় । এগৰাকী প্ৰবাসী ভাৰতীয়ই ইউএইত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিচত আনন্দ প্ৰকাশ কৰি কয়, "মই ২০ বছৰ ধৰি ইউএইত বাস কৰি আছো ৷ কিন্তু আজি এনে অনুভৱ হৈছে যেন মোৰ নিজৰ কোনো এজন আত্মীয় এই দেশলৈ আহিছে ।" লগতে তেওঁ কয়, "যিগৰাকীয়ে সমগ্ৰ বিশ্বতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ হৈছে ভাৰতৰ হীৰা ।"
আন এগৰাকী প্ৰবাসী ভাৰতীয়ই আনন্দ প্ৰকাশ কৰি কয়, "প্ৰধানমন্ত্ৰী মোদীক ইয়াত দেখি আমি বহুত সুখী ।" লগতে কয়, "আমি আমাৰ জীৱনৰ এই দিনটো কেতিয়াও পাহৰিব নোৱাৰিম ।" প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পিচত তেওঁ লগতে কয়, "বিশ্বক প্ৰধানমন্ত্ৰী মোদীৰ দৰে এজন নেতাৰ প্ৰয়োজন ।
"এই কথা প্ৰকাশ কৰিবলৈ আমাৰ ওচৰত কোনো শব্দ নাই । প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ সৈতে হাত মিলাই । লগতে তেওঁ আমাৰ 'পাগুৰী'ৰ বাবে আমাক চিনি পোৱাত আমি অত্যন্ত সুখী ।" আন এগৰাকী প্ৰবাসী ভাৰতীয়ই কয় । "প্ৰধানমন্ত্ৰী মোদীয়ে আমাক চিনাক্ত কৰিছিল আৰু আমাক সুধিছিল যে আমি পুনেৰ পৰা আহিছোঁ নেকি । আমাৰ বহুত ভাল লাগিছে যে প্ৰধানমন্ত্ৰী মোদী ইয়ালৈ আহিছে আৰু আমাৰ সৈতে হাত মিলাইছে । তেওঁ এগৰাকী বিশ্ব নেতা ।" ডুবাইত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিচত আন এগৰাকী প্ৰবাসী ভাৰতীয়ই কয় ।