অসম

assam

ETV Bharat / international

Putin on Modi : প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা পুটিনৰ, ‘‘তেওঁ এজন ডাঙৰ দেশপ্ৰেমিক’’

মস্কোত ৰাছিয়ান ভাষাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ৷ প্ৰধানমন্ত্ৰী মোডীক ৰাষ্ট্ৰৰ স্বাৰ্থত স্বতন্ত্ৰ বৈদেশিক নীতি পৰিচালনা কৰাৰ ক্ষেত্ৰত সক্ষম এগৰাকী প্ৰধানমন্ত্ৰী বুলি অখ্যা দিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে (Modi is a patriot of his country said Putin) ৷

By

Published : Oct 28, 2022, 12:45 PM IST

Putin on Modi
প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা পুটিনৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 28 অক্টোবৰ : বৃহস্পতিবাৰে আয়োজন কৰা হয় মস্কোস্থিত থিংক টেংক ভালডাই ডিচকাচন ক্লাৱৰ বাৰ্ষিক অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন (Russian President Putin in Moscow) ৷ এই অনুষ্ঠানতে পুটিনে ভাষণ প্ৰসংগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বতন্ত্ৰ বৈদেশিক নীতিক প্ৰশংসা কৰি ৰাছিয়ান ভাষাতে কয় যে, ভাৰতৰ দেশ প্ৰেমিকগৰাকীৰ নেতৃত্বত ভাৰতত বহু কাম কৰা হৈছে ৷

‘‘প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতত বহু কাম কৰা হৈছে (Lot has been done under the leadership of PM Modi) । তেওঁ নিজৰ দেশৰ এজন দেশপ্ৰেমিক । তেওঁৰ মেক ইন ইণ্ডিয়াৰ ধাৰণা (Make in India) অৰ্থনৈতিক আৰু নৈতিকতা- দুয়োটা দিশতে গুৰুত্বপূৰ্ণ । ভৱিষ্যতৰ ভাৰতে এই কথাৰ বাবে গৌৰৱান্বিত হ’ব পাৰিব যে ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ’’ ।

ৰয়টাৰ্ছৰ অনুবাদ অনুসৰি ই বিশ্বৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ । ব্ৰিটিছ উপনিবেশৰ পৰা আধুনিক ৰাষ্ট্ৰলৈ কেন্দ্ৰীভূত কৰাৰ ক্ষেত্ৰত ভাৰতৰ বিকাশক প্ৰশংসা কৰি ইয়াক এক বৃহৎ বিকাশ বুলি অভিহিত কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে (Modi is a patriot of his country said Putin) ৷

লগতে কয় যে, প্ৰায় ডেৰ বিলিয়ন লোক আৰু নিৰ্দিষ্ট উন্নয়নৰ ফলাফলে ভাৰতৰ প্ৰতি সকলোৰে সন্মান আৰু প্ৰশংসা বৃদ্ধি পাইছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্কক আৰু অধিক গুৰুত্ব আৰোপ কৰি ইয়াক এক বিশেষ সম্পৰ্ক বুলি অভিহিত কৰে ।

ৰয়টাৰ্ছৰ অনুবাদ অনুসৰি পুটিনৰ বক্তব্য আছিল এনেধৰণৰ - ‘‘আমাৰ বহু দশকৰ মিত্ৰতাৰ ঘনিষ্ঠ সম্পৰ্ক আছে । আমাৰ কেতিয়াও কোনো কঠিন সমস্যা হোৱা নাই ৷ ইজনে সিজনক সমৰ্থন কৰা নাই আৰু সেয়া এতিয়াও হৈ আছে’’ । পুটিনে লগতে আঙুলিয়াই দিয়ে যে, প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক সাৰৰ যোগান বৃদ্ধিৰ বাবে আহ্বান জনাইছে ৷ যিটো ভাৰতৰ কৃষিক্ষেত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷

ৰয়টাৰ্ছৰ মতে, তেওঁ লগতে কয় যে, আমি সাৰ যোগানৰ ভলিউম 7.6 গুণ বৃদ্ধি কৰিছো আৰু কৃষিজাত সামগ্ৰীৰ বাণিজ্য প্ৰায় দুগুণ বৃদ্ধি পাইছে । 24 ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ আঠ মাহতকৈও অধিক সময়ৰ পিছতো মস্কোৱে ইউক্ৰেইনত যুদ্ধৰ আক্ৰমণ বৃদ্ধি কৰি থকাৰ সময়তে ক্ৰেমলিনৰ সৈতে জড়িত প্ৰতিষ্ঠানটোত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি পুটিনে কয়, ‘‘তেওঁ নিশ্চিত যে সোনকালে বা পিছত বহুমেৰু বিশ্বত নতুন ক্ষমতাৰ কেন্দ্ৰৰ উত্থান হ’ব ৷ পশ্চিমীয়া দেশসমূহে আমাৰ উমৈহতীয়া ভৱিষ্যতৰ বিষয়ে সমানে কথা পাতিবলৈ আৰম্ভ কৰিব লাগিব’’ ।

অৱশ্যে তেওঁ লগতে কয় যে, আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহ নিজৰ কাৰ্যৰ পৰিণামৰ পৰা সুৰক্ষিত নহয় । অধিৱেশনখনত পুটিনে কয়, ‘‘পশ্চিমীয়া দেশসমূহে ইয়াৰ ফলত সৃষ্টি হোৱা সংকটৰ পৰা ওলাই যাব নোৱাৰে । উমৈহতীয়া লক্ষ্যৰে একত্ৰিত হোৱা এখন বিশ্বইহে ইয়াৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত কাম কৰিব পাৰিব । এই খেলখন নিশ্চিতভাৱে বিপজ্জনক, ৰক্তাক্ত আৰু মই ইয়াক লেতেৰা বুলি ক’ম’’ ।

লগতে পঢ়ক :MP Rwngwra Narzary visits Indo-Bhutan border : অসমৰ পৰিৱেশ বিনস্ত কৰিছে ভূটানে !

ABOUT THE AUTHOR

...view details