ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ :অৱশেষত উদ্ধাৰ হৈছে সন্ধানহীন হৈ থকা আমেৰিকাৰ যুঁজাৰু বিমান এফ-৩৫ । ৱিলিয়ামছবাৰ্গ কাউণ্টিত বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি পোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে প্ৰশাসনে অঞ্চলটোত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু স্থানীয় লোকসকলক সেই ঠাই পৰিহাৰ কৰিবলৈ কোৱা হৈছে ।
উল্লেখ্য যে যোৱা দেওবাৰে আমেৰিকাৰ যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । সেই সময়ত বিমানখনৰ পাইলটজনে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল । কিন্তু বিমানখন সন্ধানহীন হৈ আছিল । প্ৰশাসন তথা আৰক্ষীয়ে বিমানখন উদ্ধাৰৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল । দুৰ্ঘটনাটো দক্ষিণ কেৰোলিনাৰ গ্ৰামাঞ্চলত সংঘটিত হৈছিল বুলি কোৱা হৈছে । সামৰিক বাহিনীয়ে বিমানখন চিনাক্তকৰণৰ বাবে ৰাইজৰ সহায়ো বিচাৰিছিল ।
ইফালে ৱিলিয়ামছবাৰ্গ কাউণ্টিত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱাৰ লগে লগে প্ৰশাসনে উদ্ধাৰ অভিযানত তৎপৰতা দেখুৱাইছে । আৱাসীসকলক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে । প্ৰশাসনে জনোৱা মতে ইতিমধ্যে উদ্ধাৰকাৰী দল সেই অঞ্চলত উপস্থিত হৈছে । লগতে তেওঁলোকে অনুসন্ধান অভিযান আৰম্ভ কৰিছে । কিহৰ বাবে পাইলটজনে বিমানৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছিল তাৰো তদন্ত চলি আছে ।